ডিজিটেল ডেস্কঃ মিত্ৰজোঁটৰ চৰকাৰ ভংগ কৰাৰ সন্দৰ্ভত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে প্ৰায় ৮ মাহৰ মূৰকত পুনৰ মন্তব্য আগবঢ়াইছে৷ নীতিশ কুমাৰে পূৰ্বে আশংকা কৰাৰ দৰেই লালুপ্ৰসাদ যাদৱৰ ৰাষ্ট্ৰীয় জনতা দল ৰপ্ৰতি মোহভংগ হোৱা বুলি কয়৷

সোমবাৰে পাটনাত অনুষ্ঠিত সাপ্তাহিক লোক সংবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰি নীতিশ কুমাৰে সাংবাদিকৰ সৈতে হোৱা মুখামুখি হৈ কয়, প্ৰথমৰ পৰাই মই ধাৰণা কৰিছিলোঁ, মিত্ৰজোঁটৰ চৰকাৰ বেছি দিনলৈ বৰ্তি নাথাকে৷

চৰকাৰ গঠন হোৱাৰ পাছতেই মই কৈছিলোঁ, মিত্ৰজোঁটৰ চৰকাৰ এক-ডেৰ বছৰতকৈ অধিক দিনৰ বাবে চলাটো অসম্ভৱ৷ ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি নীতিশ কুমাৰে চৰকাৰ গঠন কৰাৰ পাছত মই ২০মাহ চৰকাৰ চলাইছোঁ যদিও মিত্ৰজোঁট চৰকাৰখনৰ কাৰ্যকালৰ প্ৰত্যেকটো দিনেই উত্তপ্ত পৰিস্থিতিৰ মাজেৰে পাৰ হৈছিল৷

কোনো ধৰণৰ বুজাবুজি নাছিল৷ শাসন আৰু দুৰ্নীতি ৰোধৰ বিৰুদ্ধে কোনো আলোচনা হোৱা নাছিল৷ নীতিশ কুমাৰৰ এই মন্তব্যৰ পিছতেই বিহাৰৰ বিধানসভাৰ বিৰোধী নেতা, আৰজেডি দলৰ নেতা তেজস্বী যাদৱে এই মন্তব্যৰ বিৰোধিতা কৰে৷

যাদৱে টুইট কৰি কয়, মই আৰম্ভণিৰ পৰাই কৈ আহিছোঁ, তেজস্বী মাথো অচিলাহে৷ মই জানো পাল্টু চাচাৰ মগজুত প্ৰথমৰ পৰাই বিষ সোমাই আছিল৷ ৬৭ বছৰীয়া আদৰণীয় জ্যেষ্ঠজনৰ লাজ লাগিব লাগে, কিয়নো ২৮ বছৰীয়া যুৱক এজনৰ গাত সকলো দোষ জাপি দি নিজেই হাত সাৰিব বিচাৰিছে৷ তেজস্বী যাদৱে খুৰাই আতৰি গৈছে যদিও সাহসী পুৰুষৰ দৰে আঁতৰি যাওঁক বুলি কৈ কটাক্ষ কৰে৷

উল্লেখ্য যে, ২০১৫ চনৰ নৱেম্বৰ মাহত বিধানসভা নিৰ্বাচনৰ পাছতেই ৰাজ্যখনত জেডিইউ, আৰজেডি আৰু কংগ্ৰেছ দলৰ মাজত মিত্ৰজোঁট চৰকাৰ গঠন হৈছিল আৰু বিগত বৰ্ষৰ জুলাই মাহত বিহাৰৰ মিত্ৰজোঁটৰ চৰকাৰ ভংগ কৰিছিল নীতিশ কুমাৰে৷ লালু প্ৰসাদ যাদৱৰ পুত্ৰৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ পৰিপ্ৰেক্ষিততেই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল৷