নতুন দিল্লীঃ আধাৰ কাৰ্ড নহ’লে গাড়ী চলাব নোৱাৰিব আপুনি৷ পথ পৰিবহন মন্ত্ৰালয়ে ঘোষণা কৰিছে এই নিয়ম৷ চালকৰ অনুজ্ঞাপত্ৰৰ বাবে বাধ্যতামুলক হ’ব আধাৰ কাৰ্ড৷ চলিত বৰ্ষৰ অক্টোবৰ মাহৰপৰা কাৰ্যকৰী হ’ব এই নিয়ম৷
শেহতীয়াকৈ দেশত এজন ব্যাক্তিয়ে এটা নামতে একাধিক অনুজ্ঞাপত্ৰ বনোৱাৰ ঘটনা বৃদ্ধি পাব ধৰিছে৷ এনে ঘটনা ৰোধ কৰিবলৈ এই নতুন নিয়ম প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰৰ৷ সুত্ৰই প্ৰকাশ কৰা অনুসৰি আবেদকৰ পৰিচয়ৰ প্ৰমাণ পত্ৰ হিচাবে আধাৰ কাৰ্ড প্ৰয়োজন হ’ব।