তিৰুপট্টুৰ (তামিলনাডু): এই বিশ্বত যদি ধৰ্ম-সম্প্ৰদায় নাথাকিলেহেঁতেন, কেনে সুন্দৰ হ’লহেঁতেন এই পৃথিৱী! নাথাকিলেহেঁতেন বিভেদ, মৰা-কটা! 

ধৰ্ম কি, ব্যক্তিগত জীৱনত ইয়াৰ প্ৰয়োজনীয়তা কিমান, এনেবোৰ কথা জনাৰ আগতেই আমি দুগ্ধপোষ্য শিশুৰ পৰিচয়ত মোহৰ মাৰি দিওঁ ধৰ্মৰ... এইজন হিন্দু, সেইজন মুছলমান, সেইজন খ্ৰীষ্টান, ইত্যাদি৷ একেদৰে আমি চৰকাৰী নথি-পত্ৰত লিখিবলৈ বাধ্য হওঁ, অসমীয়া, বাঙালি, ব্ৰাহ্মণ, কলিতা, গোসাঁই, আহোম, কোচ, কৈৱত্ত, ইত্যাদি৷ আমাৰ পৰিচয় ধৰ্ম-সম্প্ৰদায়বিহীন একমাত্ৰ মানুহ হিচাপে হ’ব নোৱাৰেনে?  

ইয়াৰ উত্তৰ ‘পাৰে’৷ অন্ততঃ স্নেহা পাৰ্থিৱাৰাই এই দৃষ্টান্ত দাঙি ধৰিছে৷ ধৰ্ম আৰু সম্প্ৰদায় নোহাৱা প্ৰথমগৰাকী ভাৰতীয় নাগৰিকৰ স্বীকৃতি পাইছে স্নেহাই। 

‘ন’ কাষ্ট, ন’ ৰিলিজিয়ন’ৰ প্ৰথম নাগৰিকত্বৰ প্ৰমাণ-পত্ৰ লাভ কৰা এই মহিলাগৰাকী তামিলনাডুৰ তিৰুপট্টুম জিলাৰ বাসিন্দা৷ তেওঁৰ কল্পনাক বাস্তৱত ৰূপায়িত কৰিলে এইগৰাকী মহিলাই৷ 

স্নেহা পেচাত এগৰাকী অধিবক্তা৷ ৩৫ বছৰ বয়সত জাতি-ধৰ্মহীনৰ নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হোৱা তেৱেঁই ভাৰতৰ প্ৰথম নাগৰিক৷

জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে মানৱ সমাজ গঢ়াৰ সপোন দেখিছিল তেওঁ৷ জাতি-ধৰ্মৰ ব্যভিচৰা-হিংসাৰ ঊৰ্ধলৈ উঠি মানুহ হোৱাৰ তেওঁ শিক্ষা পাইছে পৰিয়াল আৰু আত্মীয়ৰপৰা৷ ২০১০ চনত জাতি-ধৰ্মহীন স্বীকৃতি পাবলৈ যুঁজ আৰম্ভ কৰিছিল এই গৰাকী মহিলাই৷ প্ৰথমে তেওঁৰ আবেদন চৰকাৰী ৰিষয়াই নাকচ কৰিছিল যদিও ২০১৭ চনত তেওঁ ইয়াৰ বাবে পুনৰ আবেদন কৰে৷ জাতি বা ধৰ্ম ভিত্তক যিহেতু তেওঁ কোনো সুবিধা চৰকাৰৰপৰা গ্ৰহণ কৰা নাছিল, গতিকে এইবাৰ তেওঁৰ আবেদন চৰকাৰে বিবেচনা কৰিবলৈ বাধ্য হয়৷ 

৯ বছৰৰ পাছত স্নেহাই এই যুঁজত জয়ী হয়৷ চকতাৰে তেওঁক ধৰ্ম-সম্প্ৰদায়হীন নাগৰিক হিচাপে স্বীকৃতি দিবলৈ বাধ্য হয়৷ 

ধৰ্ম-সম্প্ৰদায়হীন নাগৰিকত্বৰ স্বীকৃতি লাভ কৰাৰ পাছত তেওঁ সাংবাদিকক কয় যে ধৰ্ম-সম্প্ৰদায়ক বিশ্বাস কৰাসকলে যদি ধৰ্ম-সম্প্ৰদায়ৰ প্ৰমাণ-পত্ৰ চৰকাৰৰপৰা লাভ কৰিব পাৰে, তেন্তে ধৰ্ম-সম্প্ৰদায়ত বিশ্বাস নৰখাসকলে কিয় এই প্ৰমাণ-পত্ৰৰপৰা বঞ্চিত হ’ব?

উল্লেখ্য, তিৰুপট্টুৰ উপ-জিলাধিকাৰী বি প্ৰিয়ংকা পংকজমে স্নেহাৰ এই বিষয়টো চোৱা-চিতা কৰিছিল৷ স্নেহাৰ পৰিচয়-পত্ৰ তথা স্কুল-কলেজৰপৰা আৰম্ভ কৰি সকলো নথি-পত্ৰ পৰীক্ষা কৰি জাতি আৰু ধৰ্মৰ বিষয়ে ক’তো উল্লেখ নোপোৱাৰ পাছতহে তেওঁক এই স্বীকৃতি প্ৰদান কৰা হয়৷ 

স্নেহাৰ স্বামী কাৰ্তিৱাৰা এজন লেখক৷ স্বামীৰ লগত তেওঁ একেলগে এই যুঁজ আগবঢ়াই নিছিল৷ লগতে তেওঁৰ তিনিওগৰাকী কন্যাক বিদ্যালয়ত এনেধৰণৰ মানৱসৃষ্ট পৰৰিচয়ৰপৰা দূৰত ৰাখিবৰ বাবে চেষ্টা চলাইছে এইগৰাকী মহিলাই৷ 

আনহাতে, জাত-পাতৰ ভিত্তিত চলি থকা বৈষম্য নিৰ্মূলকৰণৰ বাবে আপ্ৰাণ চেষ্টা চলাই আছে স্নেহাই৷ সকলোৰে মাজত সমতা আনিবলৈ মানুহৰ মনোবৃত্তিৰ পৰিৱৰ্তন ঘটোৱাৰ এই যুঁজ বৰ্তমানলৈকে অব্যাহত ৰাখিছে এইগৰাকী মহিলাই৷