গুৱাহাটীঃ চিচি টিভি কেমেৰা সংস্থাপন, আৰক্ষী নিয়োগেৰে চমক দেখুৱাবলৈ গৈ চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাত এইবাৰো সম্পূৰ্ণ ৰূপে ব্যৰ্থ হ’ল ছেবা আৰু ৰাজ্যৰ শিক্ষা বিভাগ। চিচি কেমেৰাৰ ব্য়ৱস্থা কৰা স্বত্বেও প্ৰথম দিনাই ৰাজ্যখনৰ একাধিক পৰীক্ষাকেন্দ্ৰত নকলৰ পয়োভৰ ঘটে। এক কথাত ক’বলৈ গ’লে ছেবাই গ্ৰহণ কৰা সকলোবোৰ প্ৰচেষ্টা পুনৰবাৰ অসাৰ প্ৰতিপন্ন হ’ল।
কিয়নো পৰীক্ষা কেন্দ্ৰসমূহত ছেবাই হাতত লোৱা প্ৰায়বোৰ কটকটীয়া ব্যৱস্থাৰ মাজতো ঠায়ে ঠায়ে অসত পথ অৱলম্বন কৰে পৰীক্ষাৰ্থীসকলে। কেবাটাও কেন্দ্ৰত পৰীক্ষা গৃহৰ ভিতৰত পৰীক্ষাৰ্থীক নকল যোগান ধৰিবলৈ গৈ আৰক্ষীৰ জালত পৰে অভিভাৱক। হাইলাকান্দিত ১৬ জন, কাছাৰত ৮ জন, কোকৰাঝাৰত ১০ জন আৰু কৰিমগঞ্জত ১জন পৰীক্ষাৰ্থীক নকল কৰাৰ বাবে পৰীক্ষাগৃহৰ পৰা বহিষ্কাৰ কৰা হয়।