কোকৰাঝাৰঃ ভূৱা শ্লোগানত পৰিণত হৈছে ‘সব কা সাথ সব কা বিকাশ’। বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ পৰা মাথো এক কিলোমিটাৰ নিলগৰ কমলাছোৰা, দক্ষিণ বাগিছাগাঁও , মধ্য চেচাপানী গাঁৱৰ এশ এবুৰি সমস্যাই উদঙাই দিছে ‘সব কা সাথ সব কা বিকাশ’ৰ ভুৱা শ্লোগান।
ইয়াৰোপৰি বিটিএডিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন শাসকীয় পৰিষদখনে সম বিকাশ, সম উন্নয়নৰ ক্ষেত্ৰত যিমানে ঢাক ঢোল নবজাওক কিয় কোকৰাঝাৰ চহৰৰ গাতে লাগি থকা বৃহত্তৰ কমলাচোৰা, দক্ষিণ বাগিছা গাওঁ আৰু মধ্যচেচাঁপানী গাওঁৰ এশ এবুৰি সমস্যাৰ প্ৰতিচ্ছবিয়ে উদঙাই দিছে বিটিচি উন্নয়নৰ প্ৰকৃত স্বৰূপ।