ঢেকীয়াজুলিঃ যি সময়ত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্বই স্বাস্থ্য খণ্ডক আমোল পৰিবৰ্তন তথা সংস্কাৰ কৰিবলৈ চিকিৎসালয়ত গুণোৎসৱৰ আয়োজন কৰাৰ বাবে ঢাক-ঢোল বজাইছে, তেনে সময়ত স্বাস্থ্য কেন্দ্ৰত চিকিৎসক-কৰ্মচাৰী পলমকৈ উপস্থিত হোৱাক কেন্দ্ৰ কৰি আজি শোনিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰ এলেকাৰ নাহৰবাৰী নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷
ৰোগীক স্বাস্থ্য পৰীক্ষা কৰাবলৈ আহি চিকিৎসকৰ বাবে বহু লোকে বোন্দাপৰ দিব লগা হোৱাত একাংশই ক্ষোভিত হৈ স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰৱেশ দ্বাৰত তলা ওলমাই স্বাস্থ্য বিভাগ হায় হায়, হিমন্ত বিশ্ব মুৰ্দাবাদ,চিকিৎসক-কৰ্মচাৰীৰ উপস্থিতি নিয়মীয়া কৰক আদি ধ্বনিৰে চিকিৎসালয় চৌহদ উত্তাল কৰি তোলে৷