চতিয়াঃ নৱগঠিত বিশ্বনাথ জিলাৰ এখন গাওঁ। এই গাঁওখনৰ সোমাজেৰে পাৰ হৈ গৈছে ৪০ হাজাৰ ভল্টৰ বিদ্যু পৰিবাহী তাৰ। পিছে হ'লে কি হ'ব, স্বাধীনতাৰ ৭০ বছৰ পিছতো গাওঁখনৰ ৰাইজে আজিলৈ দেখা নাই বিজুলীৰ পোহৰ, দেখা নাই টিভি।
একবিংশ শতিকাটো বিজুলীৰ পোহৰ, টিভি নথকা এই গাঁওখন হৈছে জটকৰিয়া। এই গাঁৱৰ ৰাইজে এতিয়াও নৈ বা নাদৰ পানীকে খাই আহিছে। ম'বাইল ফোন আছে যদিও কাষৰ গাঁৱলৈ গৈ ধন খৰছ কৰি ফোন চাৰ্জ কৰিব লাগে গঞাই।
স্বচ্ছ ভাৰতৰ চিন মোকাম নাই বিজুলীবিহীন এইখন জটকৰিয়া গাঁৱত। গাঁওখনলৈ যোৱা মূল পথটোৰ ওপৰত থকা দলঙৰ নামত এখন মৰণ ফান্দহে আছে। আচৰিত কথা এয়ে যে এই গাঁৱৰ ভৌগোলিক পৰিচয় এতিয়ালৈকে সঠিকভাৱে নাজানে গাঁওবাসীয়ে।
একবিংশ শতিকাটো এনেকুৱা গাঁও আছে বুলি কল্পনাই কৰিব নোৱাৰি যদিও এয়াই হৈছে ডিজিটেল ইণ্ডিয়াৰ বাস্তৱ। কোনোধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা গাঁওখনৰ ৰাইজে সেয়ে এতিয়া উন্নয়নৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ বাধ্য হৈ পৰিছে।
এই অনুযায়ী গাঁওখনৰ আয়তীসকলে আজি তেওঁলোকৰ প্ৰতি চৰকাৰৰ সুদৃষ্টি পৰিবৰ বাবে নাম-প্ৰসংগ কৰি শৰাই আগবঢ়ায়।