49
তিনিচুকীয়াঃ বিতৰ্কই লগ এৰা নাই উদ্বোধন কৰিবলৈ মাজত মাত্ৰ তিনিটা দিন থকা উজনি অসমৰ বহুচৰ্চিত ধলা-শদিয়া সংযোগী দলংখনক।
সোমবাৰে ৰাজ্যত পোন্ধৰটা বছৰে শাসনত থকা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বহুচৰ্চিত দলংখন পৰিদৰ্শন কৰিবলৈ আহি ৰাজ্য চৰকাৰৰ দ্বাৰা নিয়োজিত নিৰাপত্তাৰক্ষীৰ দ্বাৰা বাধা প্ৰাপ্ত হোৱাত ৰাজ্যৰ ৰাজনীতিত উত্তাল হৈ পৰে৷