ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জাৰি কৰা ভুৱা বাতৰি সম্বন্ধীয় গাইডলাইন কাৰ্যকৰী নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে মঙলবাৰে এই কথা ঘোষণা কৰি কয় যে কোনো এটা বাতৰি ভুৱা হয় নে নহয় সেই সিদ্ধান্ত ভাৰতীয় প্ৰেছ কাউন্সিলে ল’ব৷
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই বিষয়ে কোনো সিদ্ধান্ত লোৱাৰ প্ৰয়োজন নাই বুলিও প্ৰধানমন্ত্ৰী গৰাকীয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক নিৰ্দেশ দিয়ে৷ উল্লেখ্য যে, বিৰোধী দল কংগ্ৰেছ আৰু বিভিন্ন সাংবাদিক সংগঠনে মন্ত্ৰালয়ৰ গাইডলাইনৰ বিৰোধিতা কৰাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে গাইডলাইন কাৰ্যকৰী নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰে৷