newsnextone.com | মৰিগাঁওঃ ৭১ বছৰ পূৰ্বে দেশৰ সংগ্ৰামী নেতা সকলে নিজৰ জীৱন তুচ্চ কৰি বৃটিছিৰ হতোৰাৰ পৰা দেশক স্বাধীন কৰিবলৈ উঠিপৰি লাগিছিল। যাৰ ফলতে ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে বগা চাহাব সকলে ভাৰত ভূমিৰ পৰা বিদায় ল'বলৈ বাধ্য হৈছিল। আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰৰ ১৫ আগষ্ট তাৰিখটো জাতি, ধৰ্ম নিৰ্বিশেষে দেশৰ প্ৰতিজন নাগৰিকে স্বাধীনতা দিৱস হিচাপে উলহ মালহেৰে পালন কৰে।

কিন্তু এই স্বাধীনতাও যেন কিছু সংখ্যক ভাৰতীয়ৰ বাবে প্ৰিয় নহয়। ধৰ্ম, জাতিৰ দোহাই দি একাংশই এই স্বাধীনতা পালনৰ পৰা বিৰত থাকে। তাৰেই যেন প্ৰমাণ দিলে মৰিগাঁৱৰ অন্তৰ্গত এখন কেথলিক মিছনেৰীয়ে।

সমগ্ৰ ৰাষ্ট্ৰই বৰ ধূম-ধামেৰে ১৫ আগষ্টত স্বাধীনতা দিৱস পালন কৰিলে যদিও কিন্তু মৰিগাঁও জিলাৰ ভূৰবন্ধাস্থিত সন্ত থেৰেচা নামৰ এখন কেথলিক মিছনেৰীত ত্ৰিৰংগা উত্তোলন কৰা নহ'ল। বিদ্যালয়খন কেথলিক মিছনেৰী পৰিচালিত হোৱাৰ বাবেই বিদ্যালয়খনে স্বাধীনতা দিৱসৰ দিনাও বিদ্যালয় চৌহদত পতাকা উত্তোলন নকৰাত অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। স্থানীয় ৰাইজে বিদ্যালয়খনৰ এনে অভব্য আচৰণত ক্ষুব্ধ হৈ প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে, ৰাইজৰ অভিযোগৰ ভিত্তিত অৱশেষত বিদ্যালয়খনৰ মুৰব্বী জেমছক আৰক্ষীয়ে আটক কৰে। বিদ্যালয়ত স্বাধীনতা দিৱস পালন নকৰি ছাত্ৰ-ছাত্ৰীক দেশ বিৰোধী শিক্ষা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীয়ে বিদ্যালয় খনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।