newsnextone.com | মৰিগাঁওঃ ৭১ বছৰ পূৰ্বে দেশৰ সংগ্ৰামী নেতা সকলে নিজৰ জীৱন তুচ্চ কৰি বৃটিছিৰ হতোৰাৰ পৰা দেশক স্বাধীন কৰিবলৈ উঠিপৰি লাগিছিল। যাৰ ফলতে ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে বগা চাহাব সকলে ভাৰত ভূমিৰ পৰা বিদায় ল’বলৈ বাধ্য হৈছিল। আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰৰ ১৫ আগষ্ট তাৰিখটো জাতি, ধৰ্ম নিৰ্বিশেষে দেশৰ প্ৰতিজন নাগৰিকে স্বাধীনতা দিৱস হিচাপে উলহ মালহেৰে পালন কৰে।
কিন্তু এই স্বাধীনতাও যেন কিছু সংখ্যক ভাৰতীয়ৰ বাবে প্ৰিয় নহয়। ধৰ্ম, জাতিৰ দোহাই দি একাংশই এই স্বাধীনতা পালনৰ পৰা বিৰত থাকে। তাৰেই যেন প্ৰমাণ দিলে মৰিগাঁৱৰ অন্তৰ্গত এখন কেথলিক মিছনেৰীয়ে।