আগৰতলাঃ ত্ৰিপুৰা নিৰ্বাচনলৈ মাজত মাথো ৭টা দিন৷ নিৰ্বাচন আয়োগে ত্ৰিপুৰাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতেই মূল যুঁজ খন বিজেপি আৰু চিপিআইএমৰ মাজত অনুষ্ঠিত হ’ব সেয়া স্পষ্ট হৈ পৰিছে৷ কিন্তু দেশৰ দ্বিতীয় বৃহৎ ৰাজনৈতিক দল কংগ্ৰেছ আৰু তৃণমূল পাৰ্টিয়েও পিছ পৰি থকা নাই৷ 

ৰাজ্যখনৰ নিৰ্বাচনৰ কেইবাটাও ৰোমাঞ্চক জোঁটবন্ধনে ৰাজনীতিৰ সমীকৰণ সলনি কৰি আহিছে যদিও বামপন্থী আৰু বিজেপিৰ মাজত নিৰ্বাচনী যুদ্ধ চলি থকা পৰিলক্ষিত হৈছে৷ তাৰ মাজতে, তৃণমূল কংগ্ৰেছে আগন্তুক নিৰ্বাচনত নিজৰ স্থিতি জাহিৰ কৰিবলৈ বিভিন্ন ধৰণে চেষ্টা চলাই গৈছে৷ ৬০ খন বিধান সভা আসনৰ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত তৃণমূল পাৰ্টিয়ে ২৪টা সমষ্টিত প্ৰাৰ্থী থিয় কৰাব।

দলটোৰ ত্ৰিপুৰাৰ বিধায়ক সব্যসাচী দত্তই আত্মবিশ্বাসেৰে কয় যে তৃণমূল কংগ্ৰেছে ক্ষমতালৈ আহিব পাৰিব। মিত্ৰতা সম্বন্ধত তেওঁ কয় বিজেপিৰ দৰে আমাৰ ওচৰত টকা নাই যদিও আমিও বিজেপিৰে নিৰ্বাচনী যুদ্ধ কৰিবলৈ সাজু। TMC-এ ১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ বাবে INPT আৰু NCTৰ সৈতে মিত্ৰতা কৰিছে।