আগৰতলাঃ ত্ৰিপুৰা নিৰ্বাচনলৈ মাজত মাথো ৭টা দিন৷ নিৰ্বাচন আয়োগে ত্ৰিপুৰাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতেই মূল যুঁজ খন বিজেপি আৰু চিপিআইএমৰ মাজত অনুষ্ঠিত হ’ব সেয়া স্পষ্ট হৈ পৰিছে৷ কিন্তু দেশৰ দ্বিতীয় বৃহৎ ৰাজনৈতিক দল কংগ্ৰেছ আৰু তৃণমূল পাৰ্টিয়েও পিছ পৰি থকা নাই৷
ৰাজ্যখনৰ নিৰ্বাচনৰ কেইবাটাও ৰোমাঞ্চক জোঁটবন্ধনে ৰাজনীতিৰ সমীকৰণ সলনি কৰি আহিছে যদিও বামপন্থী আৰু বিজেপিৰ মাজত নিৰ্বাচনী যুদ্ধ চলি থকা পৰিলক্ষিত হৈছে৷ তাৰ মাজতে, তৃণমূল কংগ্ৰেছে আগন্তুক নিৰ্বাচনত নিজৰ স্থিতি জাহিৰ কৰিবলৈ বিভিন্ন ধৰণে চেষ্টা চলাই গৈছে৷ ৬০ খন বিধান সভা আসনৰ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত তৃণমূল পাৰ্টিয়ে ২৪টা সমষ্টিত প্ৰাৰ্থী থিয় কৰাব।