মোৰাঝাৰঃ ৰাজ্যৰ ৰাজনীতিৰ একালৰ সংখ্যালঘু নেতা হিচাপে বলিষ্ঠ ভূমিকা পালন কৰা প্ৰাক্তন বিধায়ক, সমাজকৰ্মী মোজাম্মিল আলী চৌধুৰীয়ে শনিবাৰে মৃত্যু বৰণ কৰে৷ মুনামুখৰ নিজ ডবকাৰ ১নং ৱাৰ্ডৰ নিজ বাসগৃহত ৯০নং যমুনামুখ সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে মৃত্যুক আকোৱালি লয়৷
দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা মোজাম্মিল আলী চৌধুৰীৰ বিয়লি চাৰি বজাত মৃত্যু হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে গুমমুগ্ধৰে তেওৰ ঘৰ ভৰি পৰে৷ মুনামুখৰ উন্নয়ণৰ ক্ষেত্ৰত আগবাগ লৈ অহা চৌধুৰীয়ে মৃত্যুৰ আগমুহূৰ্তলৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল৷