newsnextone.com | গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰৰ এগৰাকী ভাৰতীয় নৌ-সেনাত কৰ্মৰত এগৰাকী মেধাবী যুৱকৰ ৰহস্যজনক মৃত্যু হোৱাত ম্ৰিয়মান হৈ পৰিছে ৰাইজ৷ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত শান্তিপুৰ নিবাসী মিতুল ডেকাৰ বিশাসাপট্টনমত মৃত্যু হয়৷ শান্তিপুৰৰ চন্দ্ৰ হাজৰিকাৰ জ্যেষ্ঠ পুত্ৰ মিতুল হাজৰিকাৰ (৩২) যোৱা ৩ জুনত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
মিতুল হাজৰিকা ভাৰতীয় নৌ-সেনাত কৰ্মৰত আছিল। বাংগালুৰুৰ যুৱতী ছোনিয়াৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল আৰু এটি ৪ বছৰীয়া পুত্ৰ সন্তানৰ পিতৃ আছিল মিতুল। নৌ-সেনাৰ এক সূত্ৰই এক দুৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটা বুলি প্ৰকাশ কৰিছে যদিও একাংশই এই মৃত্যুক সহজভাৱে ল’ব পৰা নাই।