ডিজিটেল ষ্টাফঃ ৰাজ্য চৰকাৰৰ একাংশ কৰ্মচাৰীৰ বাবে কঙালীত পৰিণত হৈছে এইবাৰৰ ৰঙালী। যি সময়ত শদিয়াৰ পৰা ধুবুৰীলৈকে অসমীয়া জাতিৰ আপোন ৰঙালী বিহুৰ আনন্দৰ ঢৌত সকলো আত্মহাৰা, সেই সময়ত আনন্দৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে ঠিকাভিত্তিক শিক্ষকসকলৰ লগতে ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল।
উল্লেখ্য যে কিছুদিন পূৰ্বে সংবাদমেলযোগে ৰাজ্যৰ সকলো কৰ্মচাৰীৰ বকেয়া বিহুৰ পূৰ্বে মুকলি কৰি দিয়া হ’ব বুলি ঘোষণা কৰিছিল বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ দিছপুৰত আয়োজিত উক্ত সংবাদমেলত মন্ত্ৰীগৰাকীয়ে সদৰী কৰিছিল যে ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক প্ৰথম কিস্তিৰ অগ্ৰিম ধন হিচাপে ক্ৰমে ১২,০০০ আৰু ১০,০০০ টকা বিহুৰ আগেয়ে মুকলি কৰি দিয়া হ’ব৷