জাজৰিঃ শংকৰী সংস্কৃতিৰ সাধক, শাস্ত্রীয় সংগীত আৰু তবলা বিশাৰদ, বিশিষ্ট সমাজকৰ্মী মহৎ চন্দ্ৰ ডেকাই শনিবাৰে নিশা মৃত্যুক আকোৱালি লয়৷ নগাঁও জিলাৰ জাজৰি পানবাৰিৰ নিজ গৃহত ৯১ বছৰত মৃত্যুক আকোৱালি লয়৷ ডেকা বৃহত্তৰ জাজৰি অঞ্চলৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈ আছিল।
ধৰ্মীয় অনুষ্ঠানৰ নামাচাৰ্য, পাঠক, দক্ষিণ জাজৰি সাৰ্বজনীন ৰাস মন্দিৰৰ প্ৰাক্তন সভাপতি, পাঘালী হাইস্কুলৰ প্ৰতিষ্ঠাপক-প্ৰাক্তন সভাপতি, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিলপুখুৰী আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি হিচাপে কাৰ্নিৰ্বাহ কৰিছিল বিশিষ্ট নাগৰিকগৰাকীয়ে৷