ডিজিটেল ডেস্কঃ পেট্ৰল পাম্পত তেলৰ বাবে দৈনিক শাৰী পাতি থাকোতে কিমান সময় নষ্ট হয় তাৰ হিচাব নাই৷ বিশেষকৈ অফিচ-কাছাৰীলৈ নিতৌ অহা-যোৱা কৰাসকলৰ ক্ষেত্ৰত এনে সময়ৰ অপচয় অতিকে চিন্তাৰ বিষয়৷
সেয়ে এইবাৰ কেন্দ্ৰ চৰকাৰে গ্ৰাহকক ঘৰতে পেট্ৰল-ডিজেল পোৱাৰ ব্যৱস্থা কৰি দিয়াৰ বাবে চিন্তা-চৰ্চা কৰিছে৷ বুকিং কৰিলেই গেছৰ চিলিণ্ডাৰৰ দৰেই পেট্ৰল-ডিজেল আৰু পেট্ৰলজাত অইন উৎপাদিত সামগ্ৰীবোৰ ঘৰতে বহি পাব পৰা যাব৷ পেট্ৰলিয়াম মন্ত্ৰালয়ে এইকথা টুইটাৰযোগে সদৰী কৰিছে৷