নগাঁওঃ চৌদিশে এতিয়া ৰং৷ নানা ৰঙৰ সমাহাৰ৷ ৰং চঙীয়া পূজা মণ্ডপ৷ দোকানে দোকানে পূজাৰ ৰং-চঙীয়া সামগ্ৰী৷ প্ৰায় সংখ্যাকৰ দেহত ৰং-চঙৰ বস্ত্ৰ৷ কিন্তু তাৰ মাজতো এই ৰঙে চুব পৰা নাই একাংশ লোকক৷ বানপানীত ক্ষতিগ্ৰসিত ৰাজ্য খনৰ শ শ পৰিয়ালে দুৰ্গা পূজাৰ কথা ভাবিবৰ বাবে সময় নাপায়৷ তেওলোকৰ সতি-সন্ততীয়ে টকাৰ অভাৱত ঘৰতে সময় পাৰ কৰিছে৷
উজনি-নামণিৰ বহু পৰিয়ালৰ কিশোৰে পূজাত দিয়া অস্থায়ী দোকানত কাম কৰি থকা পৰিলক্ষিত হৈছে৷ আমোলমোল শেৱালিৰ গোন্ধ, উন্মনা হৈ পৰা কহুঁৱা বনৰ লয়লাস ভংগিমা তথা কুঁৱলিৰ আচ্ছাদন ফালি ওলাই অহা মিঠা ৰ’দৰ পোহৰে সৃষ্টি কৰা এটি মনোমোহা পৰিৱেশৰ মাজতেই অহা শাৰদীয় দুৰ্গোৎসৱক কেন্দ্ৰ কৰি সকলোতে দেখা গৈছে পাৰভঙা উছাহ ৷