গোলকগঞ্জঃ শিক্ষকৰ প্ৰতি চৰকাৰৰ অন্যায়-অবিচাৰৰ কথা প্ৰায়ে শুনা যায়। কিন্তু শিক্ষকৰ হেমাহিৰ বাবে দেশৰ ভৱিষ্যত বুলি কোৱা কণ কণ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱন বিপন্ন হোৱাৰ বাতৰি হয়তো এই অভাৱ-অভিযোগৰ মাজতে তল পৰি থাকে। এনে কথাৰে সাক্ষ্য বহন কৰিছে বিটিএডিৰ এখন বিদ্যালয়ত।
বিটিএডিৰ কাজিগাঁৱৰ মোৱামাৰীৰ মজলীয়া বিদ্যালয়ৰ অৱস্থা তেনেই শোচনীয়। বিদ্যালয়খনৰ ৩১জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে পাচঁজনকৈ শিক্ষক। বিদ্যালয়খনত শিক্ষকৰ বহিবলৈ নাই এখনো চকী নাই উপযুক্ত ডেক্স-বেঞ্চ।