গুৱাহাটীঃ 'আৰ চুলি ছিঙি, তাৰ চুলি ছিঙি মাৰি যাও নেঘেৰী খোপা' নীতিৰে ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত বুলি দেখুৱাবলৈ সম্পূৰ্ণৰূপে উঠি পৰি লাগিছে অসম চৰকাৰৰ শিক্ষা বিভাগ। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ক ভুৱা তথ্য দিবলৈ উদ্যত হৈছে অসম সৰ্বশিক্ষা অভিযান মিছন। যিসময়ত ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ দুৰৱস্থাক লৈ চৌদিশে ব্যাপক চৰ্চা চলিছে সেই সময়তে চৰকাৰে এনে কাৰ্য কৰিবলৈ লোৱাত এতিয়া হতভম্ব হৈ পৰিছে ৰাজ্যৰ শিক্ষানুৰাগী মহল।

NNOৰ হাতত আহি পৰা তথ্য মতে কেন্দ্ৰ চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰিবলগীয়া ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ চমুকৈ 'UDISE+’ৰ প্ৰতিবেদনত যাতে অসমৰ চৰকাৰী বিদ্যালয়ৰ ফোপোলা স্বৰূপটো ওলাই নপৰে তাৰ বাবেই এতিয়া ককালত টঙালি বান্ধি সাজু হৈছে অসম সৰ্বশিক্ষা অভিযান মিছন। এই সন্দৰ্ভত ৩খন জিলাক বাদ দি প্ৰতিখন জিলাৰ সৰ্বশিক্ষা অভিযানৰ সমন্বয়কলৈ একোখনকৈ বিশেষ পত্ৰ প্ৰেৰণ কৰিছে সৰ্বশিক্ষা অভিযানৰ মিছন সঞ্চালক ডঃ ওম প্ৰকাশে। 

পত্ৰখনত উল্লেখ কৰা মতে ৰাজ্যত বৰ্তমান ৮০ খনকৈ বিদ্যালয়তেই এজনো শিক্ষক নাই। আনহাতে ৪৭০২ খন প্ৰাথমিক বিদ্যালয় চলি আছে মাত্ৰ এজন শিক্ষকেৰে। এজনো শিক্ষক নথকা আৰু এজনীয়া শিক্ষক থকা প্ৰতিখন বিদ্যালয়সমূহত পৰ্যাপ্ত শিক্ষক থকা দেখুৱাবলৈকে পত্ৰযোগে নিৰ্দেশ প্ৰদান কৰিছে মিছন সঞ্চালকে। ইতিমধ্যে বহুকেইখন বিদ্যালয়ত পৰ্যাপ্ত শিক্ষক থকাতো কাগজে-কলমে দেখুওৱা হৈ গৈছে যদিও ১৮ খন এজনো শিক্ষক নথকা আৰু ৮৭৬ খন এজনীয়া শিক্ষক থকা বিদ্যালয়ৰ ক্ষেত্ৰত এয়া দেখুওৱাবলৈ বাকী আছে। ইয়াৰ বাবে কন্ট্ৰেকচুৱেল আৰু ষ্টেট পুলৰ শিক্ষকসকলক এজনো শিক্ষক নথকা আৰু মাত্ৰ এজন শিক্ষেকেৰ চলি থকা উক্ত বিদ্যালয়সমূহত চাকৰি কৰি থকা দেখুৱাবলৈ নিৰ্দেশ দিয়া হৈছে। এই সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন কৰি ডাটাসমূহ যাতে 'UDISE’-ত ১৯ আগষ্টৰ পূৰ্বে আপলোড কৰা হয় সেয়া সুনিশ্চিত কৰিবলৈকো পত্ৰখনত স্পষ্টকৈ নিৰ্দেশ দিছে মিছন সঞ্চালকে। 

শিক্ষাৰ অধিকাৰ আইনক ভ্ৰুকুটি ৰাজ্য চৰকাৰৰ

২০০৯ চনত গৃহীত শিক্ষাৰ অধিকাৰ আইন অনুযায়ী প্ৰতিখন চৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ত অতিকমেও ২ জনকৈ শিক্ষক থকা দৰকাৰ। কিন্তু আইনৰ এই নিয়মলৈ কোনো যেন ভ্ৰূক্ষেপেই নাই ৰাজ্য চৰকাৰৰ। ৰাজ্যত ৮ শতাধিক বিদ্যালয়ত এজনো শিক্ষক নথকা সত্বেও কিন্তু ৰাজ্য চৰকাৰে উক্ত বিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ কোনো ব্যৱস্থা নকৰিলে। বিপৰীতে একাধিক বিদ্যালয় বন্ধ কৰি দিবলৈহে যো-জা চলাইছে ৰাজ্য চৰকাৰে।

সৰ্বশিক্ষা অভিযানৰ তৰফৰ পৰা জিলা সমন্বয়কসকললৈ প্ৰেৰণ কৰা পত্ৰত সন্নিবিষ্ট কৰা তথ্য অনুযায়ী বঙাইগাঁও জিলাত ৭ খন, কাছাৰ জিলাত ১৩ খন, ধেমাজি, কাৰ্বি আংলঙত ১ খনকৈ বিদ্যালয়ত নাই এজনো শিক্ষক। এজনো শিক্ষক নথকা সৰ্বাধিক বিদ্যালয় আছে কৰিমগঞ্জ জিলাত। জিলাখনত ২৪ খন বিদ্যালয়তেই নাই এজনো শিক্ষক। 

কৰিমগঞ্জৰ পিছতে এজনো শিক্ষক নথকা বিদ্যালয়ৰ দিশেৰে দ্বিতীয় স্থানত আছে গোৱালপাৰা। জিলাখনত ২০ খন বিদ্যালয়ত নাই এজনো শিক্ষক। লখিমপুৰ আৰু মাজুলী জিলাত ৩খনকৈ বিদ্যালয় এজনো শিক্ষক অবিহনেই চলি থকাৰ বিপৰীতে মৰিগাঁও, গোলাঘাট, যোৰহটা আৰু পশ্চিম কাৰ্বি আংল জিলাত প্ৰতিখনতে ২খনকৈ বিদ্যালয়ত এজনো শিক্ষক নাই।

এজনীয়া শিক্ষকৰ বিদ্যালয়ৰ শীৰ্ষত ওদালগুৰি

ৰাজ্যৰ ভিতৰত ওদালগুৰি জিলাত মাত্ৰ এজন শিক্ষকেৰে চলি থকা বিদ্যালয়ৰ সংখ্যা সৰ্বাধিক। জিলাখনত ৩১৮ খন বিদ্যালয়ত আছে মাত্ৰ এজন শিক্ষক। এজনীয়া শিক্ষকৰ দিশেৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে কোকৰাঝাৰ আৰু কামৰূপ (গ্ৰাম্য) জিলা। কোকৰাঝাৰ জিলাত ২৯২ খন বিদ্যালয় আৰু কামৰূপত ২৮০ খন বিদ্যালয় মাত্ৰ এজন শিক্ষকেৰে চলি আছে।

সৰ্বশিক্ষা অভিযানৰ পত্ৰত উল্লেখ থকা মতে বজালী জিলাত ৩৩ খন, বাক্সাত ১৫৭ খন, বৰপেটাত ১০৩ খন, বিশ্বনাথত ১৯৭ খন, বঙাইগাঁৱত ৪৫ খন বিদ্যালয়ত আছে মাত্ৰ এজনকৈ শিক্ষক। কাছাৰ জিলাত ৯৯ খন, চৰাইদেউত ৩০ খন, চিৰাঙত ১১৯খন, দৰঙত ৩৭ খন, ধেমাজিত ২০২খন, ধুবুৰীত ৮৬ খন আৰু ডিব্ৰুগড় জিলাত ২৫০খন এজনীয়া শিক্ষকেৰে চলি থকা বিদ্যালয় আছে।

ডিমা হাছাও জিলাত ১৯৭, গোৱালপাৰাত ১৯০ খন, গোলাঘাটত ২০৩ খন, হাইলাকান্দিত ১৩৭খন, হোজাইত ৫২ খন, যোৰহাটত ১৭৯খন আৰু কামৰূপ মহানগৰ জিলাত ৩৫ খন বিদ্যালয় মাত্ৰ এজন এজন শিক্ষকে চলাই গৈছে। কাৰ্বি আংলং আৰু কৰিমগঞ্জ জিলাত এজনীয়া শিক্ষকেৰে চলি থকা বিদ্যালয়ৰ সংখ্যা হৈছে ক্ৰমে ১৮৬ খন আৰু ১৭১ খন। লখিমপুৰ জিলাত ২৩৯ খন এজনীয়া শিক্ষকেৰে চলি থকা বিদ্যালয় থকাৰ বিপৰীতে মাজুলীত এনে বিদ্যালয় ৫৭ খন, মৰিগাঁৱত ৮০ খন, নগাঁৱত ৯৯খন আৰু নলবাৰীত ৬০ খন আছে।

শিৱসাগৰ জিলাত এজনীয়া শিক্ষকৰে চলি থকা বিদ্যালয় আছে ২১ খন। শোণিতপুৰ জিলাত ১২৮ খন বিদ্যালয়ত এজনকৈ শিক্ষকে পাঠদান কৰি আহিছে। একেদৰে দক্ষিণ শলমাৰা-মানকাছাৰ জিলাত ১৫ খন, নৱগঠিত তামুলপুৰ জিলাত ১১৫ খন, তিনিচুকীয়াত ১০৪ খন আৰু পশ্চিম কাৰ্বি আংলঙত ১৮৬ খন এনে বিদ্যালয় আছে।  

এজন শিক্ষকে কেনেকৈ পাঠদান কৰে?

যি সময়ত ৰাজ্য চৰকাৰে চৰকাৰী বিদ্যালয়ত বিজ্ঞান আৰু গণিত বিষয়ৰ পাঠদান ইংৰাজী মাধ্যমত কৰাবলৈ যো-জা চলাইছে সেই সময়তে যমৰ যাতনা সহি অতি কমেও ৪ হাজাৰ শিক্ষকে অকলশৰীয়াকৈ দায়িত্ব পালন কৰি গৈছে। ফলত পাঠদানৰ নামত চৰকাৰী বিদ্যালয়সমূহত একপ্ৰকাৰ প্ৰহসন চলাও পৰিলক্ষিত হৈছে।

'আমাৰ স্কুলখনত ময়েই শিক্ষক। আমাৰ স্কুলত ৭০ গৰাকীৰো ওপৰত ছাত্ৰ-ছাত্ৰী আছে। প্ৰাথমিক বিদ্যালয়ত আজিকালি ৫টাকৈ শ্ৰেণী থাকে। ৫ টা শ্ৰেণীত প্ৰতিটো শ্ৰেণীতেই পঢ়ুৱাবলগীয়া এটা এটা বিষয় যোগ কৰিলে মুঠ ২৩টা বিষয় হ’ব। এই ২৩ টা বিষয় মই অকলে কেনেকৈ পঢ়ুৱাম? তাতে আকৌ অফিচিয়েল কাম থাকে, মধ্যাহ্ন ভোজনৰ চাউলটো বাদ দি বাকীবোৰ ময়েই বজাৰ কৰিব লাগে। গতিকে পঢ়া-শুনাৰ নামত একো এটা কৰিবলৈ মই অপাৰগ হৈ পৰিছো।’- ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ দুৰ্দশাৰ কথা উল্লেখ কৰি NNOৰ আগত এইদৰে কয় কোকৰাঝাৰ জিলাৰ দতমা অঞ্চলৰ এজনীয়া বিদ্যালয় এখনৰ নাম প্ৰকাশত অনিচ্ছুক এগৰাকী শিক্ষকে।

'আমাৰ গাঁৱৰ স্কুলখনত ৩জন শিক্ষক আছিল। ওচৰৰ গাঁৱৰ ২ খন স্কুলত আছিল এজনকৈ শিক্ষক। আমাৰ ইয়াৰ স্কুলখনৰ পৰা ২জনকৈ শিক্ষকক সেই দুখন স্কুললৈ যাবলৈ কৈছে। এতিয়া ২ জন শিক্ষক গ’লে আমাৰ স্কুলখনত এজনহে শিক্ষক থাকিব। চৰকাৰে এইবোৰ কি কৰিছে আমি বুজি পোৱা নাই।’-এই মন্তব্য শোণিতপুৰৰ এখন গাঁৱৰ বাসিন্দাৰ।

কি এই 'UDISE’?

দেশৰ শিক্ষা ব্যৱস্থাৰ প্ৰকৃত ছবিখন পাবলৈ ২০১২-১৩ চনত আৰম্ভ কৰা হৈছিল ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ চমুকৈ 'UDISE+’ৰ। এই 'ইউডাইছ’ত দেশৰ প্ৰতিখন বিদ্যালয়সমূহত উপলব্ধ সুবিধাসমূহ যেনে খোৱাপানী, শৌচালয়, মধ্যাহ্ন ভোজন, শিক্ষকৰ সংখ্যা আৰু অৰ্হতা, আচবাব, বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ সংখ্যা, পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ ফলাফল আদিক লৈ তথ্য একত্ৰিত কৰা হয়। ২০১৮-১৯ চনত ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছত তথ্য সংগ্ৰহৰ সমগ্ৰ ব্যৱস্থাটো অনলাইন কৰা হয়।

২০২১-২২ চনৰ 'ইউডাইছ’ৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত এইবাৰ পৰৱৰ্তী বৰ্ষত প্ৰতিবেদন প্ৰকাশৰ বাবে যো-জা চলাই থকা হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰকাশ পোৱা এই প্ৰতিবেদনত যাতে অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ ছবি ভালকৈ দাঙি ধৰিব পৰা যায় তাৰ বাবে অসম সৰ্বশিক্ষা অভিযানে এতিয়া এনেদৰে ভুৱা তথ্য দাখিল কৰিবলৈ উঠি-পৰি লাগিছে।

NNOৰ সৈতে হোৱা কথা-বতৰাত নাম প্ৰকাশ নকৰাৰ চৰ্তত সমগ্ৰ বিষয়টোৰ সৈতে জড়িত কামৰূপ জিলাৰ এগৰাকী শিক্ষা বিষয়াই কয় যে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ মিছন সঞ্চালকে ১৯ আগষ্টৰ দিনটো নিৰ্ধাৰণ কৰি দিছিল। কিন্তু বিভিন্ন কাৰণত সেয়া সম্পূৰ্ণ নোহোৱাত বৰ্তমানো ক্ষিপ্ৰ গতিত কাম চলি থকা বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে। এনে কৰাৰ ফলত ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ শিক্ষা ব্যৱস্থাৰ ভাৱমূৰ্তি ভাল হৈ পৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

'আজিকালি এইবোৰ অনলাইন হৈ গ’ল। ইউডাইছ, আমি বেছিভাগেই ডাইছ বুলিয়েই কও। ইয়াত প্ৰতিখন স্কুলৰে এটাকৈ ১১ সংখ্যাযুক্ত কোড দিয়া হয়। প্ৰথম সংখ্যা দুটাই ৰাজ্যক সূচায়, তাৰ পিছৰ সংখ্যা দুটাই জিলা, তাৰ পিছৰ দুটাই ব্লক, তাৰ পিছৰ ৩টা সংখ্যাই গাঁও বা চহৰ আৰু শেষৰ সংখ্যা দুটাই বিদ্যালয়খনক সূচায়। ইয়াত থকা ডাটাবোৰ সকলোৱে চাব পাৰে। আমি যি কৰিছো সেয়া ভাল হোৱা নাই। কিন্তু ওপৰৰ পৰা নিৰ্দেশ আহিছে যেতিয়া কৰিবই লাগিব। গতিকে কৰি আছো।’-এইদৰে কয় জিলা সমন্বয়কৰ অধীনত কৰ্মৰত এগৰাকী কৰ্মচাৰীয়ে।