নাওবৈচাঃ অসমত পৰিবৰ্তনকামী চৰকাৰ অহাৰ পিছৰে পৰা ৰাজ্যৰ শিক্ষা ক্ষেত্ৰত আমূল পৰিৱৰ্তন হ’ব বুলি ৰাইজে আশা কৰিছিল যদিও এতিয়ালৈ তেনে কোনো লক্ষণ দেখিবলৈ পোৱা নাই ৰাজ্যবাসীয়ে। সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ৰাজ্যিক ভিত্তিত কিছু পৰিমাণে দুৰ্নীতি লাঘৱ কৰিছে যদিও জিলা আৰু ব্লক পৰ্যায়ত দুৰ্নীতি দুগুণে ঠন ধৰি উঠা পৰিলক্ষিত হৈছে।
ইয়াৰ জলন্ত প্ৰমাণ দেশত মানৱ সম্পদ গঢ় দিয়া অতিকৈ গুৰুত্বপূৰ্ণ বিভাগটো। শিক্ষা বিভাগৰ দৰে অতিকৈ গুৰুত্বপূৰ্ণ বিভাগটোত এতিয়াও নিৰ্মূল হোৱা নাই দুৰ্নীতি। দুৰ্নীতিয়েই যেন বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰীৰ প্ৰধান কৰ্তব্যত পৰিণত হৈছে।