Home ৰাজ্যমদ-জুৱা বন্ধ হ’ল ঐতিহ্যমণ্ডিত দৌলাশালত

মদ-জুৱা বন্ধ হ’ল ঐতিহ্যমণ্ডিত দৌলাশালত

by News Desk
60 views
A+A-
Reset

নলবাৰীঃ যুৱ প্ৰজন্মৰ বাবে বৰবিহ স্বৰূপ হৈ পৰা মদ জুৱা বিৰুদ্ধে জাগিছে নলবাৰীৰ সচেতন নাগৰিক৷ একাংশ যুৱক তিল তিলকৈ ধ্বংসৰ দিশে আগবাঢ়ি গৈ থকাত সচেতন নাগৰিক চিন্তিত হৈ পৰিছে ৷ দৌলাশাল উন্নতি সাধিনী সভাই দৌলাশাল বজাৰ এলেকাৰ ভিতৰত মদ-জুৱা নিষিদ্ধ কৰা বুলি উন্নতি সাধিনী সভাৰ সম্পাদক ফুকন নাথে জানিবলৈ দিয়াৰ লগতে এই ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগ কামনা কৰে।

তাৰ মাজতে সোমবাৰে নলবাৰীৰ বৰক্ষেত্ৰীৰ দৌলাশালত দৌলাশাল উন্নতি সাধিনী সভাই দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ সহযোগত দৌলাশাল অঞ্চলত চাফাই অভিযান চলাই৷ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ জোৱানসকলৰ লগতে মহিলা জোৱানসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। স্বচ্ছ ভাৰত অভিযানত উন্নতি সাধিনী সভাৰ কেইবাগৰাকী বিষয়-ববীয়া উপস্থিত থাকে।উন্নতি সাধিনী সভাৰ এনে সাহসী পদক্ষেপক সচেতন মহলে ভূয়সী প্ৰশংসা কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0