নতুন দিল্লীঃ দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যাৰ ষড়যন্ত্ৰ ৰচিছে সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবাই৷ লস্কৰৰ শ্লীপাৰ চেলে প্ৰধামমন্ত্ৰী মোডীক হত্যা কৰাৰ সক্ৰিয় হৈ পৰিছে৷ এই চাঞ্চল্যকৰ তথ্য চোৱাংচোৱা সংস্থাসমূহৰ৷
চোৰাংচোৱা শেহতাীয়া প্ৰতিবেদনৰ মতে ভাৰতৰ ম’ষ্ট ৱান্টেড তথা ভাৰতৰ ২৬-১১ৰ মুম্বাই আক্ৰমণৰ মূল পৰিকল্পনাকাৰী হাফিজ ছৈয়ীদে পাকিস্তানত বহি প্ৰধানমন্ত্ৰী মোডীৰ গতি-বিধি নিৰীক্ষণ কৰি আছে৷ চোৰাংচোৱাৰ এই প্ৰতিবেদনৰ পাছতেই নিৰাপত্তা সংস্থাসমূহক সতৰ্ক কৰি দিয়া হৈছে৷