নতুন দিল্লীঃ দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যাৰ ষড়যন্ত্ৰ ৰচিছে সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবাই৷ লস্কৰৰ শ্লীপাৰ চেলে প্ৰধামমন্ত্ৰী মোডীক হত্যা কৰাৰ সক্ৰিয় হৈ পৰিছে৷ এই চাঞ্চল্যকৰ তথ্য চোৱাংচোৱা সংস্থাসমূহৰ৷

চোৰাংচোৱা শেহতাীয়া প্ৰতিবেদনৰ মতে ভাৰতৰ ম’ষ্ট ৱান্টেড তথা ভাৰতৰ ২৬-১১ৰ মুম্বাই আক্ৰমণৰ মূল পৰিকল্পনাকাৰী হাফিজ ছৈয়ীদে পাকিস্তানত বহি প্ৰধানমন্ত্ৰী মোডীৰ গতি-বিধি নিৰীক্ষণ কৰি আছে৷ চোৰাংচোৱাৰ এই প্ৰতিবেদনৰ পাছতেই নিৰাপত্তা সংস্থাসমূহক সতৰ্ক কৰি দিয়া হৈছে৷

মন কৰিবলগীয়া যে এইজন হাফিজ ছৈয়ীদেই মুম্বাইত সন্ত্ৰাসবাদীৰ জড়িয়তে ত্ৰাস চলাই ১৬৪ জন নিৰীহক হত্যা কৰিছিল৷ আন্তঃৰাষ্ট্ৰীয় হেঁচাত পাকিস্তানে হাফিজ ছৈয়ীদক গৃহবন্দী কৰি ৰাখিছিল যদিও আদালতে তেওঁক মুকলি কৰি দিবলৈ আদেশ দিছিল৷ ৰাষ্ট্ৰসংঘতো হাফিজক সন্ত্ৰাসবাদীৰ তালিকাভুক্ত কৰিবৰ বাৰে ভাৰত আৰু আমেৰিকাই প্ৰস্তাৱ দিছিল যদিও চীনে ভেটো প্ৰয়োগ কৰি এই প্ৰস্তাৱ নাকচ কৰিছিল৷