গোৰেশ্বৰঃ ভেন্সাৰ শিক্ষকসকলক চাকৰি দিবৰ বাবে নহয়, শিক্ষকসকলক চাটাই কৰিবলৈহে পদ প্ৰাদেশিকীকৰণ বিল ২০১৭ গৃহীত কৰা হৈছে। এই মন্তব্য অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ সভাপতি কুশল হালৈৰ। আজি বাক্সা জিলাৰ গোৰেশ্বৰৰ বেঙেনাহাটী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত বিটিচি শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ সভাপতি বুদ্ধিৰাম ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত বিটিচি শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ এখন সাধাৰণ সভাত উপস্থিত থাকি অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ সভাপতি কুশল হালৈয়ে এনেদৰে কয়।
২০১১ চনৰ পদ প্ৰাদেশিকীকৰণ বিল আৰু সংশোধনী ২০১২ আৰু ২০১৩ অধীনত যিখিনি পদ প্ৰাদেশিকীকৰণ হৈ গ’ল তাৰ পিছত ৰৈ যোৱা বিশেষকৈ সাত বছৰীয়া যোগ্যতা প্ৰাপ্ত ভেন্সাৰ শিক্ষকৰ পদ প্ৰাদেশিকীকৰণক লৈ এতিয়াও সকলোকে অন্ধকাৰতে ৰাখি থোৱা হৈছে বুলি হালৈয়ে অভিযোগ উত্থাপন কৰে ৰাজ্য চৰকাৰৰ বিৰুেদ্ধে। চৰকাৰৰ সদ্দিচ্ছাৰ অভাৱতে বিষয়টোৱে আজিলৈ কোনো সঠিক গতি লাভ কৰা নাই।
বিটিএডিৰ অন্তৰ্গত শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ সন্দৰ্ভত যোৱা ২০ জুনত ঐক্যমঞ্চৰ এটা প্ৰতিনিধি দলক প্ৰাদেশিকীকৰণ সম্পৰ্কে আলোচনাৰ বাবে মাতি পঠিওৱাৰ কথা সভাত উল্লেখ কৰি হালৈয়ে বিটিচিয়ে সুকীয়া আইনৰ জৰিয়তে বিটিএডিৰ স্কুল কলেজৰ প্ৰাদেশিকীকৰণ কৰিব পাৰে বুলি বিটিচি কৰ্তৃপক্ষই প্ৰতিনিধিসকলক জনায়।
বিটিচি কৰ্তৃপক্ষই ৰাজ্য চৰকাৰে অনুমোদন দিলে প্ৰাদেশিকীকৰণ হ’ব আৰু অনুমোদন নিদিলে প্ৰাদেশিকীকৰণ নহ’ব বুলি জানিবলৈ দিয়াৰ কথাটো ৰাজহুৱা কৰে হালৈয়ে। বিটিচিৰ কেইবাখনো জিলাত এতিয়াও স্ক্ৰীণিং কমিটি গঠন কৰা হোৱা নাই। এতিয়াও অন্ধকাৰতে আছে সমগ্ৰ বিষয়টো। ইপিনে এম ই স্কুলত ষড়যন্ত্রমূলক ভাৱে প্ৰধান শিক্ষক আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ পদৰ বিলুপ্তি ঘটাই বিষয়টো পুনৰ জটিল কৰি তোলা হৈছে বুলিও তেওঁ মন্তব্য কৰে।
উল্লেখ্য যে, তিনিটাহে পদ প্ৰাদেশিকীকৰণৰ কথা কোৱা হৈছে গেজেট নোটিফিকেশ্যনত। য’ত পূৰ্বে পাঁচটা পদ প্ৰাদেশিকীকৰণ হৈ গৈছে তেনে ক্ষেত্ৰত দুটি পদ কেনেকৈ বিলুপ্তি ঘটিল সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে। সেয়েহে স্ক্ৰীণিং কমিটিত বিটিচি ঐক্যমঞ্চৰ প্ৰতিখন জিলাৰ সভাপতি বা সম্পাদকক সদস্য হিচাপে ৰাখিব লাগে বুলি দাবী উত্থাপন কৰিছে বিটিচি ঐক্যমঞ্চই।
আনহাতে আজিৰ সভাত বিটিচিৰ চাৰিখন জিলাৰ প্ৰতিনিধিয়ে বক্তব্য ৰখাৰ পিছত বিটিচি শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই সকলো শ্ৰেণীৰ ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ ক্ষেত্ৰত পুৰ্বৰ দৰে প্ৰয়োগ হৈ অহা শৈক্ষিক আৰু বৃত্তিগত অৰ্হতাক মান্যতা দি শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ কৰিব লাগে বুলি কয়। ঐক্যমঞ্চই অহা আগষ্ট মাহত প্ৰাদেশিকীকৰণ বিল ২০১৭ ৰ সংশোধনৰো দাবী জনাইছে।
২০১১ আৰু ২০১২ৰ অধীনত ন’ন ৰিকোমেণ্ডেড হোৱা সমূহ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীৰ দা-দৰমহা ২০১৩ চনৰ ১ জানুৱাৰীৰ পৰা আদায় দিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়। সংশোধনী আইন ২০১৩ৰ অধীনৰ ৭ বছৰ অতিক্ৰম কৰা শিক্ষানুষ্ঠানৰ কৰ্মৰত শিক্ষক-কৰ্মচাৰীৰ দা দৰমহা নতুন আইনখনত ২০১৩ চনৰ ১ আগষ্টৰ পৰা আদায় দিয়াৰো দাবী জনাইছে ঐক্যমঞ্চই।
ইপিনে যিসকল শিক্ষকৰ অৰ্হতা নতুন নিৰিখমতে নাই, সেইসকলক "টিউটৰ" বুলি পদ প্ৰাদেশিকীকৰণ কৰাতো কোনোপধ্যে যুক্তিসংগত নহয় বুলি কৈ ইয়াৰ দ্বাৰা শিক্ষকসকলক অৱজ্ঞা কৰা বুলি কয় ঐক্যমঞ্চই৷ পেটত গাঁঠি মাৰি ভেন্সাৰ শিক্ষানুষ্ঠানত বছৰ বছৰ ধৰি শিক্ষকতা কৰা শিক্ষকে লাখ টকা খৰচ কৰি বিএড ডিগ্ৰী গ্ৰহণ কৰিব নোৱাৰে বুলিও জানিবলৈ দি সংস্থাটোৱে চৰকাৰে ৰাজ্যত পৰ্যাপ্ত বি এড কলেজ স্থাপন নকৰাৰো অভিযোগ উত্থাপন কৰে।
এনে পৰিপ্ৰেক্ষিতত পদ প্ৰাদেশিকীকৰণৰ বিষয়টো উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে কাৰ্যকৰী কৰাৰ দাবী তুলিছে ঐক্যমঞ্চই। নতুন আইন প্ৰস্তুত কৰিবলৈ গৈ পুৰণি আইনখনৰ জৰিয়তে প্ৰাদেশিকীকৰণ হোৱা শিক্ষক-কৰ্মচাৰীক নতুনকৈ বিচাৰ-বিবেচনা কৰিবলৈ যেৱাটো টোঘলকী হ'ব বুলি উল্লেখ কৰি এনে কাৰ্যই আইন-আদালতলৈ নতুনকৈ শিক্ষক-কৰ্মচাৰীসকলক নিবলৈ বাধ্য কৰিব বুলি সভাত উপস্থিত ঐক্যমঞ্চৰ নেতাই মন্তব্য আগবঢ়ায়।