newsnextone.com | উত্তৰ গুৱাহাটীঃ ‘ব্ৰহ্মপুত্ৰ মহাবাহু, বুকুত হেজাৰ স্ৰোত! এই শান্ত এই ৰুদ্ৰ, ঘনাই সলায় মোট।।’ বুঠা লুইতৰ বুকুত আন এক দুখৰ নিদান৷ ৰাজ্যৰ মংগল কামনাৰে ৰাজ্য চৰকাৰে কোটি টকা ব্যয়ৰে ধুম ধামেৰে আয়োজন নমামী ব্ৰহ্মপুত্ৰৰ পিছত পুনৰ এবাৰ লুইতে বুকুত সামৰি থলে মানুহৰ নিস্পাপ প্ৰাণ৷
বুধবাৰে দিনৰ ১-১৫ মান বজাত উত্তৰ গুৱাহাটী মধ্যম খণ্ড ঘাটৰ মাজত চলা যন্ত্ৰচালিত নাও এখন দুৰ্ঘটনাগ্ৰস্ত হৈ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। ঘটনা অনুসৰি, নাওখন গুৱাহাটীৰ দিশৰ পৰা আহি উত্তৰ গুৱাহাটী মধ্যম খণ্ড ঘাট পোৱাৰ ৩ মিনিট মান আগতে নাওৰ যন্ত্ৰটি বিকল হৈ যায়। বিকল হোৱাৰ পিছত নাৱৰ চালক আদিয়ে অন্য কোনোৰ লগত যোগাযোগ কৰিব বিচাৰিছিল যদিও যোগাযোগ কৰাৰ আগতে ঘাটটোৰ ওচৰতে নিৰ্মীয়মান জাইকাৰ প্ৰজেক্টৰ ব্ৰীজত প্ৰচণ্ড জোৰেৰে নাওখন খুন্দা খোৱাত নাওখন দ্বিখণ্ডিত হৈ যায়।