পিয়ং ইয়াংঃ কামলৈ গৈছিল পিতৃ-মাতৃ। ঘৰত দুই সন্তান। দূৰৰ পৰা দেখিছিল, জুয়ে ছানি ধৰিছে ঘৰটো। উধাতু খাই দৌৰি আহি দুই সন্তানক উদ্ধাৰ কৰিছিল মাতৃয়ে। সন্তানক উদ্ধাৰ কৰাৰ তাড়নাত পাহৰি পেলাইছিল বেৰত ওলমি থকা বিশেষ ফটোকেইখনৰ কথা। সেয়াই এতিয়া কাল হ’ল দুটি সন্তানৰ মাতৃ মহিলাগৰাকীৰ।
জুইত কিয় জাহ যাবলৈ এৰি দিব ফটোকেইখন? দেশৰ মহান নায়কৰ ফটোক অপমান! বনজুইৰ দৰে নিমিষতে বিয়পি গ’ল খবৰ। কাণত পৰিল প্ৰশাসনৰো। আৰক্ষী আহি সোঁৱৰাই দিলে সেই নিয়ম যে প্ৰথমে ফটো উদ্ধাৰ, তাৰ পাছতহে সন্তান। কিন্তু সেই নিয়ম ভংগ কৰাৰ অপৰাধত এতিয়া যাৱজ্জীৱন কাৰাগাৰত কটাব লাগিব মহিলাগৰাকীয়ে।