নতুন দিল্লীঃ ক্ৰমাগত বিত্তীয় ঘাটিৰ ফলত বিপৰ্যস্ত হৈ পৰিছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ। খৰছ অপৰিৱৰ্তিত হৈ থাকিলেও আশা কৰা মতে হোৱা নাই ৰাজহ সংগ্ৰহ। এনে সংকটজনক পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে পুনৰ ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ দ্বাৰস্থ হৈছে কেন্দ্ৰ চৰকাৰ। 

চৰকাৰী সূত্ৰৰ উদ্ধৃতিৰে এই কথা প্ৰকাশ কৰিছে সংবাদ সংস্থা ৰয়টাৰ্ছে। বাতৰিটোত কোৱা হৈছে যে বাজেট দাখিলৰ পূৰ্বেই ধন বিচাৰি বিত্ত মন্ত্ৰণালয়ে আবেদন জনাইছে কেন্দ্ৰীয় বেংকটোক।

সংসদত দাখিল কৰা বাজেটত চলিত বিত্তীয় বৰ্ষৰ বাবে ৭.০৩ ত্ৰিলিয়ন আৰ্থিক ঘাটি পূৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। এয়া হৈছে জিডিপিৰ ৩.৩ শতাংশ। কিন্তু সেই লক্ষ্য পূৰণ কৰাত চৰকাৰ একপ্ৰকাৰ ব্যৰ্থ হৈ পৰে। ফলত এতিয়া চৰকাৰৰ বাবে একমাত্ৰ ভৰসা হৈ পৰিছে ৰিজাৰ্ভ বেংক।

বাতৰিটোত প্ৰকাশ পোৱা অনুযায়ী এইবাৰ চৰকাৰে দেশৰ কেন্দ্ৰীয় বেংকটোৰ পৰা অন্তৱৰ্তীকালীন লভ্যাংশৰ পৰা অতি কমেও ৩৫,০০০ কোটি টকা বিচৰাৰ সম্ভাৱনা আছে। চৰকাৰৰ এই অনুৰোধ আৰবিআই-এ গ্ৰহণ কৰিলেই এইবাৰৰ সৈতে ক্ৰমাগত তৃতীয়টো বছৰৰ বাবে দেশৰ সৰ্বোচ্চ বেংকটোৰ পৰা অন্তৱৰ্তীকালীন লভ্যংশৰ বাবদ ধন কেন্দ্ৰীয় কোষাগাৰলৈ যাব।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰক ১,৭৬,০৫১ কোটি টকাৰ অৰ্থ সাহায্য দিয়াৰ সিদ্ধান্ত আগতেই চূড়ান্ত কৰিছিল ৰিজাৰ্ভ বেংকে। ইকনমিক কেপিটেল ফ্ৰেমৱৰ্ক পৰ্যালোচনাৰ অন্তত ২০১৮-১৯ বিত্তীয় বৰ্ষত উদ্বৃত্ত হিচাপে ১,২৩,৪১৪ কোটি তথা অতিৰিক্ত ভাৱে আৰু ৫২,৬৩৭ কোটি টকা দিয়াৰ কথা জনাইছে বেংকটোৱে। ইয়াৰ মাজতে চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰই লাভ কৰিছে ১ লাখ ৪৮ হাজাৰ কোটি টকা। ইমানৰ পিছতো আয়-ব্যয়ৰ পাৰ্থক্য দূৰ কৰিবলৈ পুনৰ আৰবিআইক কাষ চাপিবলৈ বাধ্য হৈ পৰিছে চৰকাৰ।

চৰকাৰী সূত্ৰৰ উধৃতি দি এই বাতৰি প্ৰকাশ কৰিলেও ৰয়টাৰ্ছে জনাইছে যে বিষয়টো সন্দৰ্ভত বিত্ত মন্ত্ৰণালয়ৰ সৈতে যোগাযোগ কৰা সত্বেও কোনোধৰণৰ প্ৰতিক্ৰিয়া দিয়াৰ পৰা বিৰত আছে। মূলত বিগত বৰ্ষৰ দৰেই বিষয়টোক লৈ আকৌ বিতৰ্কৰ সূত্ৰপাত হোৱাৰ আশংকাতে বিত্ত মন্ত্ৰণালয়ে মুখ খোলাৰ পৰা বিৰত আছে বুলি মত ব্যক্ত কৰিছে অৰ্থনৈতিক বিশেষজ্ঞসকলে।