পিয়ং ইয়াংঃ কামলৈ গৈছিল পিতৃ-মাতৃ। ঘৰত দুই সন্তান। দূৰৰ পৰা দেখিছিল, জুয়ে ছানি ধৰিছে ঘৰটো। উধাতু খাই দৌৰি আহি দুই সন্তানক উদ্ধাৰ কৰিছিল মাতৃয়ে। সন্তানক উদ্ধাৰ কৰাৰ তাড়নাত পাহৰি পেলাইছিল বেৰত ওলমি থকা বিশেষ ফটোকেইখনৰ কথা। সেয়াই এতিয়া কাল হ’ল দুটি সন্তানৰ মাতৃ মহিলাগৰাকীৰ। 

জুইত কিয় জাহ যাবলৈ এৰি দিব ফটোকেইখন? দেশৰ মহান নায়কৰ ফটোক অপমান! বনজুইৰ দৰে নিমিষতে বিয়পি গ’ল খবৰ। কাণত পৰিল প্ৰশাসনৰো। আৰক্ষী আহি সোঁৱৰাই দিলে সেই নিয়ম যে প্ৰথমে ফটো উদ্ধাৰ, তাৰ পাছতহে সন্তান। কিন্তু সেই নিয়ম ভংগ কৰাৰ অপৰাধত এতিয়া যাৱজ্জীৱন কাৰাগাৰত কটাব লাগিব মহিলাগৰাকীয়ে।

কথাটো শুনিবলৈ অবিশ্বাস্য হ’লেও এয়াই সত্য। কিয়নো মহিলাগৰাকী যিখন দেশত বাস কৰে সেই দেশখনৰ নাম হৈছে উত্তৰ কোৰিয়া। কিম জং উনৰ এই দেশত আইন-কানুন মানেই অদ্ভূত আৰু সৰ্বনাশী। সেয়ে সন্তান বা প্ৰিয়জন নহয়, ৰাষ্ট্ৰনেতাৰ ছবি জুইত জাহ যোৱাৰ পৰা ৰক্ষা কৰাটোৱেই হৈছে দেশখনৰ নাগৰিকৰ জাতীয় কৰ্তব্য। ৰাষ্ট্ৰনেতাৰ ছবি ৰক্ষা কৰিবলৈ গৈ যদি কোনো লোকৰ প্ৰাণ যায় তেন্তে চৰকাৰৰ দৃষ্টিত সেইজনেই হৈছে মহান দেশপ্ৰেমিক। বিপৰীতে সেই নিয়ম ভংগ কৰাজন হৈছে আইনৰ দৃষ্টিত দেশদ্ৰোহী।

'ডেইলী মেইল'ত প্ৰকাশিত বাতৰি অনুায়ী ঘটনাটো চীন সীমান্তৱৰ্তী নৰ্থ হেমগং ৰাজ্যৰ। উক্ত ৰাজ্যখনৰ অনছং কাউণ্টিস্থিত এটা ঘৰত বাস কৰে এটা পৰিয়াল। পৰিয়ালটোৰ দম্পতীটোৱে সন্তানক ঘৰতে থৈ নাতিদূৰৈত কামলৈ ওলাই গৈছিল। তেনেতে ঘৰটোত জুই লাগে। দূৰৈৰ পৰা ধোৱা প্ৰত্যক্ষ কৰি তৰা-নৰা ছিঙি সন্তানক বচাবলৈ বুলি দৌৰি আহে মাতৃগৰাকী। মহিলাগৰাকীয়ে সন্তান দুটিক উদ্ধাৰ কৰিবলৈ সমৰ্থ হ’লেও কোনোপধ্যে বচাব নোৱাৰিলে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰনেতা কিম ইল-ছাং আৰু কিম জং-ইলৰ বেৰত আঁৰি থোৱা ফটো দুখন। 

খবৰ পোৱাৰ লগে লগে দেশখনৰ প্ৰশাসনে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। তদন্তৰ অন্তত আইন অনুযায়ী দেশদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয় মহিলাগৰাকীক। এতিয়া মহিলাগৰাকীৰ বিৰুদ্ধে চলিব গোচৰ। গোচৰত দোষী সাব্যস্ত হ’লেই মহিলাগৰাকীক নিয়ম অনুযায়ী দণ্ডিত কৰা হ’ব যাৱজ্জীৱন কাৰাদণ্ডৰে। 

উল্লেখ্য যে, উত্তৰ কোৰিয়াৰ আইন অনুযায়ী, প্ৰতিটো ঘৰতে প্ৰাক্তন ৰাষ্ট্ৰনেতা কিম ইল-ছাং আৰু কিম জং-ইলৰ ফটো ৰখাতো বাধ্যতামূলক। সকলোৱে সেই নিয়ম পালন কৰিছে নে নাই সেয়া চাবলৈ ঘৰে ঘৰে যায় চৰকাৰী পৰিদৰ্শক। কেৱল ঘৰেই নহয়, বিদ্যালয়, ৰেল ষ্টেশ্যন, ৰেলগাড়ী আদিতো এই দুই নেতাৰ ফটো সন্মান আৰু যত্নসহকাৰে ৰখাতো বাধ্যতামূলক।

অৱশ্যে এই তালিকাত এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই ৰাষ্ট্ৰপতি কিম-জং-উনৰ নাম। শাসনভাৰ গ্ৰহণৰ ৭ বছৰ পিছত ২০১৮ চনত প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছিল কিম জং-উনৰ অফিচিয়েল পট্ৰেইট। কিন্তু নিয়ম অনুযায়ী তেওঁৰ ফটো ৰাজহুৱা স্থানত বা ঘৰত ৰখাতো এই মুহূৰ্তত বাধ্যতামূলক নহয়। দেশখনৰ আইন অনুযায়ী প্ৰাক্তন ৰাষ্ট্ৰনেতা দুগৰাকীৰ ফটোৰ প্ৰতি কৰা যিকোনোধৰণৰ অনাদৰ বা অৱমাননাক গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হয় আৰু সেই অনুযায়ী ইয়াৰ শাস্তিও হৈছে গুৰুতৰ। 

এনে কঠোৰ আইনৰ পৰিপ্ৰেক্ষিতত গ্ৰেপ্তাৰ হ’বলগীয়া হোৱাত এতিয়া অগ্নিকাণ্ডত আহত সন্তানক পৰিচৰ্যা কৰিব পৰা নাই মহিলাগৰাকীয়ে। ওচৰ-চুবুৰীয়াসকলেও মন গ’লেও আইনৰ ৰোষত পৰাৰ ভয়ত আহত সন্তান দুটিক সহায় কৰাৰ পৰা বিৰত থাকিবলৈ বাধ্য হৈছে। ফলত অভিভাৱকহীনভাৱে চিকিৎসালয়ত ছটফটাই থাকিবলগীয়া হৈছে শিশু দুটি।

উত্তৰ কোৰিয়াৰ এই ক’লা আইনৰ কথা বিশ্ববাসীয়ে প্ৰথম জানিব পাৰিছিল ২০১৫ চনত। ২০০৫ চনত দেশখনৰ পৰা পলায়ন কৰা জুন ইয়ো-ছাং নামৰ এজন লোকে এক সাক্ষাৎকাৰত কৈছিল, 'এবাৰ আমাৰ কাষত এটা ঘৰত জুই লাগিছিল। জুই নুমুওৱাত উদ্ধাৰ হৈছিল কেবাটিও শিশুৰ মৃতদেহ। কিয়নো শিশুকেইটাই নিজক বচোৱাৰ পৰিৱৰ্তে ফটোকেইখন বচাবলৈ চেষ্টা কৰিছিল। আমাৰ দেশত নিজৰ জীৱন নহয়, নেতাৰ ছবি বচাই ৰখাটোহে মূল কথা।’ 

জুনে আৰু জনাইছিল যে ২০১২ চনত ছিনহাং কাউণ্টিত ভয়াৱহ বান হৈছিল। সেই বানত ৰাষ্ট্ৰনেতাৰ ফটো বচাবলৈ গৈ মৃত্যুক সাবটি লৈছিল ১৪ বছৰীয়া এটি কিশোৰে। পিছত সেই কিশোৰটিক মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিল 'কিম জং-ইল য়ুথ' সন্মান। কিশোৰটিৰ নামেৰে নামাংকিত কৰা হৈছিল বিদ্যালয়। তেওঁ সাক্ষাৎকাৰটোত জনোৱা মতে অনছং কাউণ্টিৰ এজন লোক দাগী অপৰাধী হোৱা সত্বেও ৰাষ্ট্ৰনেতাৰ ফটো নষ্ট হোৱাৰ পৰা ৰক্ষা কৰাৰ বাবে জেলৰ পৰা মুক্তি লাভ কৰাৰ লগতে লাভ কৰিছিল চৰকাৰী সন্মান।

ৰাষ্ট্ৰনেতাৰ ফটো সযতনে ৰখা নিয়ম যে কেৱল দেশৰ নাগৰিকসকলৰ বাবে সেয়া নহয়, বিদেশী পৰ্যটকসকলৰ বাবেও প্ৰযোজ্য উক্ত আইন। ওত্তো ৱাৰ্মবিয়েৰ নামৰ এজন মাৰ্কিন গৱেষকে দেশখনলৈ গৈ ৰাষ্ট্ৰনেতাৰ নাম লিখা থকা পোষ্টাৰ ফালি দিয়াৰ অপৰাধত ১৫ বছৰ জেইলত থাকিবলগীয়া হৈছিল। আন এজন মাৰ্কিন পৰ্যটক ৰে কানিংহামে দেশখন ভ্ৰমণ কৰি কৈছে, 'তেওঁলোকৰ বাবে দেশপ্ৰেম আৰু ৰাষ্ট্ৰনেতাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰাতো সমাৰ্থক। আমাৰ দৃষ্টিত এয়া নিসন্দেহে বলিয়ালিৰ বাদে একো নহয়।’

উল্লেখ্য যে, ৰাষ্ট্ৰনেতাৰ ফটো ৰখাৰ ক্ষেত্ৰত উত্তৰ কোৰিয়াৰ আইনে বান্ধি দিছে একাধিক নিয়ম। এই নিয়ম অনুযায়ী ড্ৰয়িং ৰুমত সহজে চকুত পৰা স্থানত ফটো দুখন ৰাখিব লাগিব। এই ক্ষেত্ৰত স্পষ্টকৈ কোৱা হৈছে যে ফটো ওলমোৱাৰ উচ্চতা হ’ব লাগিব পৰিয়ালৰ আটাইতকৈ ওখ সদস্যজনৰ উচ্চতাতকৈ অধিক। ফটো দুখন নিয়মীয়াকৈ পৰিস্কাৰ কৰিব লাগিব। সামান্য ধূলি পৰিলেও বিহা হয় জৰিমনা। ধূলিৰ চামনি যিমানেই বেছি হয় সিমানেই বৃদ্ধি হয় জৰিমনাৰ পৰিমাণ। উক্ত ছবি দুখনৰ কাষত চৰকাৰী পুৰস্কাৰ বা ৰাষ্ট্ৰনেতাৰ সৈতে তোলা গ্ৰুপফটোৰ বাদে আন একো ফটো ৰাখিব নোৱাৰিব।