61
লখিমপুৰঃ প্ৰয়াত বিশিষ্ট কাকত প্ৰকাশক, জেষ্ঠ সাংবাদিক তথা সমাজকৰ্মী জি এল আগৰৱালা দেবৰ মৃত্যুত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত শুকুৰবাৰে এখন শোক সভা অনুষ্ঠিত কৰা হয়৷
আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি শ্ৰী শৈলেন বৰুৱাৰ পৌৰোহিত্তত ক্লাবত অনুষ্ঠিত শোক সভাত যোৱা ইংৰাজী ৩১-০১-২০১৯ তাৰিখে দেহাৱসান ঘটা বিশিষ্ট জেষ্ঠ সাংবাদিক জি এল পাব্লিকেচনৰ স্বতাধিকাৰী জি এল আগৰৱালাৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা বাবে শোকসভাৰ আয়োজন কৰে৷