লখিমপুৰঃ বৃহস্পতিবাৰে নৰ্থ লখিমপুৰৰ প্ৰেছ ক্লাবত মহেন্দ্ৰ সিঙৰ এখন সংবাদমেলৰ আয়োজন কৰা হয়৷ সংবাদমেলখনত মহেন্দ্ৰ সিঙৰ লগত উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰছাদ তাছা, লখিমপুৰ বিজেপিৰ সভাপতি আৰু বিষয়ববীয়াসকল।

উক্ত মেলখনত মহেন্দ্ৰ সিঙে সংবাদমাধ্যমৰ আগত মত প্ৰকাশ কৰে যে ২০১৪ চনৰ পিছৰপৰা অসমত যাতায়তকে ধৰি বিভিন্ন দিশত  উন্নত হৈছে। কংগ্ৰেছৰ ইমান দিন চৰকাৰ আছিল যদিও অসমৰ বাবে একো চিন্তা কৰা নাছিল। বিজেপি চৰকাৰ আহিয়েই অসমৰ বহু উন্নতি হৈছে। 

লগতে সংবাদিকে কামাখ্যা প্ৰসাদ তাছাকো অসমৰ লগত জড়িত থকা কেইটামান প্ৰশ্ন কৰে৷ নদী বান্ধৰ বিষয়ত কামাখ্যা প্ৰচাদ তাছাক  সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয় যে নদী বান্ধ চৰকাৰে বিচৰা হ’লে ইমানদিনে বান্ধৰ কাম সম্পূৰ্ণ হ’লগৈহেঁতেন৷ কিন্তু ইয়াকে নকৰি কংগ্ৰেছ চৰকাৰে কোনো কামেই সম্পূৰ্ণ নকৰিলে৷ 

এই বান্ধে নামনি ৰাইজক যাতে ক্ষতি কৰিব নোৱাৰে তাৰ বাবে বিজেপিৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মত প্ৰকাশ কৰে কামাখ্যা প্ৰছাদ তাছাই।