ডিজিটেল ডেস্কঃ পুনৰ বহিঃৰাজ্যত বিদেশী সজালে এগৰাকী উত্তৰ-পূবৰ যুৱতীক। এই ঘটনা সংঘটিত হৈছে আগ্ৰাত। ইতিহাস প্ৰসিদ্ধ চহৰখনৰ এটি স্মৃতিসৌধত প্ৰৱেশ কৰিবলৈ লোৱাৰ সময়তে বিদেশী নাগৰিকৰ সন্দেহত বাধাৰ সন্মুখীন হয় মঞ্জিতা চানু নামৰ যুৱতীগৰাকী। কেৱল ইমানেই নহয়, তাত কৰ্মৰত সুৰক্ষা কৰ্মীয়ে বন্ধুৰ সৈতে যোৱা মঞ্জিতাক ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ পত্ৰ পৰ্যন্ত দেখুৱাবলৈ কয়।
যোৱা শুকুৰবাৰে সংঘটিত এই ঘটনাৰ বিষয়ে নিজৰ ফেচবুক পেজৰ জৰিয়তে ৰাজহুৱা কৰাৰ পিছতে বিষয়টো পোহৰলৈ আহে। তেওঁ লিখিছে, 'এয়া মোৰ দেশ ভাৰত হয়নে? মই ইয়াত নিৰাপদ হয়নে নহয়?’
'উত্তৰ-পূবৰ যুৱতী বুলি জানিবলৈ পোৱা মাত্ৰকে সুৰক্ষা কৰ্মীয়ে মোক বিদেশী বুলি ৰ’বলৈ দিয়ে। কিছুদিন পূৰ্বে মই মোৰ বন্ধুবৰ্গ আৰু ভাইটিৰ সৈতে আগ্ৰালৈ গৈছিলো। মই মোৰ ভাইটিক ভিডিঅ’ ৰেকৰ্ডিং কৰিবলৈ ফোনটো দিছিলো। তেওঁলোকে মোক বিদেশী বুলি কৈ ভিতৰলৈ যাবলৈ অনুমতি নিদিলে। মই হিন্দী ভালকৈ ক’ব পাৰো, কিন্তু তাৰ পিছতো মানিবলৈ টান পালে যে মই ভাৰতীয়। যেতিয়া সমগ্ৰ কথাৰ কটা-কটি ৰেকৰ্ডিং কৰি ইউটিউবত দিয়া হ’ব বুলি ক’লো তেতিয়া লোকজনে নিজৰ পৰিচয় পত্ৰ দেখুৱাবলৈ অস্বীকাৰ কৰিলে।’- স্বদেশী হৈয়ো বিদেশী আখ্যা পোৱাৰ দুঃসহ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি এইদৰে কয় মঞ্জিতাই।
তেওঁ আৰু লিখিছে, 'তাত কোনো মহিলা গাৰ্ড নাছিল। পুৰুষ গাৰ্ডজনে মোৰ বেগটো চাব বিচাৰিছিল যদিও মই নিদিলো। কিয়নো তাত মোৰ কিছু ব্যক্তিগত সামগ্ৰী আছিল। মই মহিলা গাৰ্ডক মাতি দিবলৈ কৈছিলো। তেতিয়া কৈছিল যে মহিলা গাৰ্ডে খাবলৈ গৈছে আৰু আহি পাওতে বহু পলম হ’ব। মই কৈছিল যে মই ইমান সময় ৰ’ব নোৱাৰিম কিয়নো ট্ৰেইনৰ কথা আছে। সেয়ে মহিলা গাৰ্ডগৰাকী ক’ত আছে সেয়া ক’বলৈ কৈছিলো যাতে মই নিজে গৈ বেগখন দেখুৱাব পাৰো।’
এই দুঃসহ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি মঞ্জিতাই আৰু লিখিছে, 'গাৰ্ডজনে মোক ঠাইখিনি দেখুৱাই দিছিল, পিছে তাত কোনো মহিলা গাৰ্ড নাছিল। অলপ দূৰৈত এগৰাকী মহিলাক লগ পালো। তেওঁক গাৰ্ড যেন লগা নাছিল। সোধাত ক’লে যে তেওঁ ছাফাইৰ কামহে কৰে। মই বিব্ৰত হৈ পৰিছিলো।মই আন এজন পুৰুষ গাৰ্ডক সুধিলত কথাৰ কটা-কটি হ’ল। পিছত তেওঁলোকে মোক বেগটো চেক নকৰাকৈয়ে আহিবলৈ দিলে। মই আকৌ হতভম্ব হৈ পৰিলো। এয়াই মোৰ দেশ হয়নে? মই ইয়াত নিৰাপদ হয়নে নহয়?’
ইতিমধ্যে মঞ্জিতাৰ এই পোষ্টটো ৫হাজাৰতকৈয়ে অধিক লোকে শ্বেয়াৰ কৰি এনে মানসিকতাক ধিক্কাৰ জনাইছে। ঘটনাটোক লৈ অসমৰ লগতে উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আৰু কিমান দিনলৈ ভাৰতৰ অন্য প্ৰান্তত উত্তৰ-পূবৰ লোকসকলে এনেদৰে স্বদেশী হৈয়ো বিদেশীৰ অাখ্যা লাভ কৰিব লাগিব বুলিও প্ৰশ্ন উত্থাপন কৰিছে অজস্ৰজনে। উল্লেখ্য যে কিছুদিন পূৰ্বে এগৰাকী গাৰো মহিলাক দিল্লীত বিদেশী আখ্যা দি এক অনুষ্ঠানত ভাগ লোৱাত বাধা দিছিল কৰ্তব্যৰত নিৰাপত্তাৰক্ষীয়ে।