ডিজিটেল ডেস্কঃ  প্ৰায় তিনিবছৰ ধৰি ন্যায়ৰ অপেক্ষাত আছিল পশ্চিম বংগৰ নদিয়াৰ ৰানাঘাটৰ গীৰ্জাটোৱে। ২০১৫ চনৰ মার্চ মাহত এই কনভেন্টত সোমাই লুটপাটৰ লগতে সত্তৰোর্ধ্বৰ সন্ন্যাসিনীক গণধর্ষণ কৰিছিল ৬ দুৰ্বৃত্তই। যোৱা তিনি বছৰ ধৰি ন্যায়ৰ অপেক্ষাত ক্ষণ গনিছিল সন্ন্যাসিনীয়ে। তাৰ মাজতে মঙলবাৰে কলকাতা উচ্চ ন্যায়ালয় গোচৰৰ ৰায় দান প্ৰদান কৰে৷ কিন্তু আদালতে এই ঘটনাক গণধর্ষণ নহয়, ধর্ষণ হে হৈছিল বুলি দোহাৰে।

ধর্ষণত দোষীসাব্যস্ত কৰা হৈছে অভিযুক্ত নজৰুল ইছলামক। অইন ৫ জনক ডকাইতিৰ অভিযোগত দোষীসাব্যস্ত কৰিছে আদালতে। ৰায় দি বিচাৰকে কয়, ‘এই ঘটনা অত্যন্ত দুখজনক। মাদাৰ টেৰেচা আৰু চিষ্টাৰ নিবেদিতাৰ ৰাজ্যত এগৰাকী সন্ন্যাসিনীৰ লগত এনে নিৰ্লজ ঘটনা অত্যন্ত আক্ষেপজনক।’ অহা বুধবাৰে শাস্তি ঘোষণা কৰিব বিচাৰকে।

ধৃতসকলৰ যাবজ্জীৱন কাৰাদণ্ডৰ আবেদন কৰিব চৰকাৰী অধিবক্তাই। দোষী সাব্যস্ত হ’ল নজৰুল ইছলাম ওৰফে নজু, চালেম শেখ, ৱাহিদুল ইচলাম, খালেদাৰ ৰহমান, মিলন সৰকাৰ আৰু গোপাল চৰকাৰক। বুধবাৰে তেওলোকৰ শাস্তি ঘোষণা কৰিব আদালতে। যিহেতু নজৰুলৰ বাহিৰে অইন অভিযুক্তসকল অপৰাধ স্থলিত উপস্থিত আছিল তথাপিও গণধর্ষণত দোষীসাব্যস্ত নকৰাত প্রশ্ন উঠিছে নগৰ আদালতত।

 ২০১৫চনৰ মার্চ মাহত কনভেন্ট অফ জিজাচ আণ্ড মেৰিত সোমাইছিল দুৰ্বৃত্ত। নিৰাপত্তাকর্মীক মাৰধৰ কৰি লুটপাট কৰে দুৰ্বৃত্তৰ দলটোৱে। লুট কৰে কেইবালাখ টকা। প্রশাসনিক ভৱনৰ কম্পিউটাৰ আৰু কেমেৰাও লৈ যায়। কনভেন্টৰ আৱাসত উপস্থিত হৈ সন্ন্যাসিনীক ধর্ষণ কৰে।