ডিফু: সমগ্ৰ দেশৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰ্বি আংলঙতো জিলা উপায়ুক্ত আৰু জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ তৎপৰতাত বন্ধৰ মাজতো কোনোধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত নোহোৱাকৈ ৭২ সংখ্যক স্বাধীনতা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী শান্তিপূৰ্ণভাবে অনুষ্ঠিত হৈ যায় ৷
স্বাধীনতা দিৱসৰ কাৰ্যসূচী শান্তিপূৰ্ণ ভাবে অনুষ্ঠিত হয় যদিও একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে বিধি পথালি লগায় ৷ ৭২ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত একাংশ বিষয়া -কৰ্মচাৰীৰ ওপৰত ৰুষ্ট হৈ পৰে পূৱ কাৰ্বি আংলং জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্ত৷