লংকাঃ সেনা, অৰ্ধসামৰিক বাহিনী নতুবা আৰক্ষীয়ে দপদপাই থকা নাই হোজাই জিলাত এতিয়া দপদপাই আছে চোৰ-ডকাইতে৷ চোৰ-ডকাইতে মুকলিকৈ ঘুৰি ফুৰিছে হোজাইত৷ যোৱা ৬০ ঘন্টাৰ ভিতৰত এটিএম চুৰি কৰাৰ চেষ্টা, বেংকৰ পৰা ধন লুট কৰাৰ লগতে মঙলবাৰে নিশা মানুহৰ ঘৰৰ চৌহদৰ পৰা এখন ৰয়েল এনফিল্ড চুৰি কৰি নিয়ে চোৰে৷
যাৰ দ্বাৰা প্ৰমাণ হয় হোজাইত যেতিয়াই যি ইচ্ছা তাকেই কৰিব পাৰে চোৰ-ডকাইতে৷ হোজাই জিলাৰত কেবাদিন ধৰি সংঘটিত হৈ থকা চুৰি-ডকাইতি কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ লংকাত সংঘটিত হল আন এক চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনা৷