52
বঢ়মপুৰ, ৩ মে’, ২০১৭ঃ বিহুৰ প্ৰতিখন মঞ্চতে জুবিনৰ ন-ন ৰূপ দেখিবলৈ পাইছে দৰ্শকে। কোনোখন মঞ্চত যদি বাদ্যযন্ত্ৰী ৰূপত, কোনোখনত আকৌ ষ্টাণ্টমেনৰ ৰূপত দেখিবলৈ পোৱা গৈছে জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গক।
ইয়াৰ মাজতে একাধিক বিষয়ক লৈ বিতৰ্কৰ আৱৰ্ততো সোমাই পৰিছে শিল্পীগৰাকী। কিছুদিন পূৰ্বে হিন্দী গীত বিতৰ্কতো সোমাই পৰিছিল জুবিন। সময়ে সময়ে হিন্দী গীত গাবই বুলি আকোৰগোজ হৈ থকা শিল্পীগৰাকীয়ে এইবাৰ গাব চীনা গান।