54
ডিজিটেল ডেস্কঃ ভাৰতৰ জম্মু-কাশ্মীৰক সঘনে অশান্তজৰ্জৰ কৰি তোলা পাকিস্তানক ‘সন্ত্ৰাসবাদীৰ দেশ’ হিচাপে ঘোষণা কৰাৰ বাবে নতুন দিল্লীস্থিত পাক উচ্চায়ুক্তৰ কাৰ্যালয়ত দাবী জনাইছে জম্মু-কাশ্মীৰৰ নেশ্যনেল পেন্থাৰ্ছ পাৰ্টিয়ে।
চুবুৰীয়া দেশখনে শেহতীয়াকৈ যুদ্ধবিৰতি ভংগ কৰাৰ উপৰিও ভাৰতীয় সেনাক নৃশংসভাৱে হত্যা কৰাৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে সীমান্তৰ ৰাজ্যখনত অস্থিৰ পৰিৱেশে বিৰাজ কৰি আহিছিল।