newsnextone.com | গুৱাহাটীঃ ৩ কোটি ২৯ লাখ লোকে আৱেদন কৰা এনআৰচিৰ খচৰাত ২ কোটি ৮৯ লাখ ৮৩ হাজাৰ ৬৭৭ জনৰ নাম সন্নিবিষ্ট কৰা হৈছে বুলি জানিবলৈ দিয়ে এনআৰচি কৰ্তৃপক্ষই। এনআৰচিৰ খচৰাত বাদ পৰিছে ৪০ লাখ ৭ হাজাৰ লোকৰ নাম।

সোমবাৰে পুৱা ১০ বজাত মুকলি কৰা হ'ল এনআৰচিৰ চূড়ান্ত খচৰা। সোমাবাৰে পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত মুকলি কৰে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ, উত্তৰ পূৰ্বাঞ্চলৰ গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৪০ লাখ ৭ হাজাৰ লোকৰ নাম সন্নিৱিষ্ট হোৱা নাই এই কথা ওলাই পৰে।

পঢ়ক এই বাতৰি  ৮৫৫গৰাকী শ্বহীদৰ আত্মাই আকাশত তিৰবিৰাব, যাৰ অমৰ মৃত্যুৱে জগাই তুলিছিল জাতিক

১০ বাজি ১০ মিনিটত এখন সংবাদ মেলত এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা দেশৰ মহাপঞ্জীয়ক শৈলেশ আৰু গৃহ মন্ত্ৰালয়ৰ উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা সচিব সত্যেন্দ্ৰ গাৰ্গে সংবাদ মেল সম্বোধন কৰি এনআৰচিৰ খচৰা মুকলি কৰে। জাতীয় সংগীতেৰে সংবাদমেলৰ শুভ আৰম্ভ কৰি অসমৰ ৰাইজৰ বাবে মুকলি কৰে এনআৰচি চূড়ান্ত খচৰা৷ ইপিনে যিকোনো পৰিস্থিৰি সৈতে মোকাবিলৈ কৰিবলৈ ৰাজ্যৰ প্ৰশাসন সাজু হোৱা দেখা যায়।

দেশৰ গৃহ মন্ত্ৰালয়ে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী, মুখ্য সচিব, ডিজিপিৰ সৈতে দিল্লীত বৈঠক অনুষ্ঠিত কৰি এনআৰচিৰ খচৰা প্ৰকাশৰ পিছত উদ্ভৱ হ'ব পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চিন্তা-চৰ্চা কৰিছে। আনহাতে ৰাজ্যৰ কেইবালাখ বাংলাভাষী মুছলমান আৰু হিন্দুৱে খচৰাত নাম প্ৰকাশ নাপাব বুলি আশংকাত দিন পাৰ কৰিছে। তাৰ মাজতে দেশৰ গৃহ মন্ত্ৰালয়ে এই বিষয়টো মানৱীয় দৃষ্টিৰে চাই বিশেষ নিৰ্দেশনা দিছে ৰাজ্য চৰকাৰক।