বিশেষ প্ৰতিবেদনঃ সম্পূৰ্ণ হোৱাৰ পিছতো আধৰুৱা হৈ ৰয় কিছুমান কাম। অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ NRCক লৈয়ো তেনে হোৱা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ প্ৰায় ৪ বছৰ পাৰ হ’ল যদিও বৰ্তমানো সেয়া একপ্ৰকাৰ ভালুকৰ সাঙী সদৃশ হৈয়েই ৰৈছে। ইয়াৰ মাজতে NRCক লৈ সময়ে সময়ে চলি আহিছে একাধিক বিতৰ্ক।
উল্লেখ্য যে, এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছতে অসমৰ বিভিন্ন দল-সংগঠনৰ লগতে শাসনাধিষ্ঠিত বিজেপি দলেও তাত বিভিন্ন ক্ৰুটি ৰৈ যোৱা বুলি দাবী কৰিছিল। এনআৰচিৰ সমগ্ৰ প্ৰক্ৰিয়াও একাধিক খেলিমেলিৰো অভিযোগ উত্থাপন কৰিছিল কেবাটাও দল-সংগঠনে। কেগৰ প্ৰতিবেদনতো এনআৰচি প্ৰক্ৰিয়া ৰূপায়ণত অনিয়ম সংঘটিত হোৱাৰ কথা প্ৰকাশ পাইছিল। কিন্তু বিভিন্ন কাৰণত এই বিষয়বোৰ তেনেকৈয়ে পৰি ৰৈছিল।