Home ৰাজ্যবিদেশী বুলি চিনাক্ত হোৱা পৰিয়ালৰ সদস্যৰ নাম NRCৰ খচৰাত, কাৰ্বি আংলঙত ধুমুহা

বিদেশী বুলি চিনাক্ত হোৱা পৰিয়ালৰ সদস্যৰ নাম NRCৰ খচৰাত, কাৰ্বি আংলঙত ধুমুহা

by News Desk
68 views
A+A-
Reset

বোকাজানঃ বিদেশী ন্যায়ধীকৰণত গোচৰ চলি লোকৰ লোকৰ নাম NRCৰ প্ৰথম খন খচৰাত নাম অন্তৰ্ভুক্ত হোৱাৰ লগতে বিদেশী বুলি চিনাক্ত হোৱা পৰিয়ালৰ সদস্যৰ নামো NRCত অন্তৰ্ভুক্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কাৰ্বি পাহাৰ৷ আছু সস্তম হৈ পৰি ইতিমধ্যে খোদ আছুৱে অভিযান আৰম্ভ কৰিছে৷ প্ৰায় চাৰিগৰাকী সন্দেহ যুক্ত নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ লগতে বিদেশী বুলি চিনাক্ত হোৱা পৰিয়ালৰ লোকৰ নাম অন্তৰ্ভুক্ত হোৱাত ধুমুহাৰ সৃষ্টি হৈছে কাৰ্বি আংলং জিলাত৷ বিদেশী খেদাৰ নামত ৬ বছৰীয়া অসম আন্দোলন কৰা হল।

বহু অসমীয়া ডেকাই অকালতে প্ৰাণ দিলে। অসম চুক্তি হল আৰু দীৰ্ঘ সময়ৰ অন্তত অৱশেষত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত এন আৰ চি প্ৰস্তুতৰ বাট মুকলি হল। কিন্তু এণআৰচিক লৈ অসমীয়া ৰাইজৰ আশংকা দূৰ নহল৷ দেশৰ শীৰ্ষ আদালতে এনআৰচি সন্দৰ্ভত অসম চৰকাৰৰ ওপৰত সময়ে সময়ে হেঁচা প্ৰয়োগ কৰি আহিছে৷ ঐতিহাসিক অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ কেচাঁ তেজৰ বিনিময়ত পোৱা এন আৰ চিৰ প্ৰথমখন খচৰা ইতিমধ্যে ২০১৭ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশ পায়। অসমৰ খিলঞ্জীয়া জনসাধাৰণে আশা কৰিছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী গঠনৰ জড়িয়তে অসমত থকা বিদেশী চিনাক্ত হ’ব আৰু অসম বিদেশী মুক্ত হ’ব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0