ওদালগুৰিঃ ২০১৭ বৰ্ষৰ পাৰ হৈ গ’ল যদিও অসমীয়া জাতিক দি থৈ গ’ল এক স্বৰ্ণিল ইতিহাস৷ ২০১৭ বৰ্ষৰ অন্তিমটো দিন অৰ্থাৎ ৩১ ডিচেম্বৰৰ মাজনিশা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সম্বন্বয়কৰ কাৰ্যালয়ত ৰাজ্যবাসীৰ বাবে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ আৰু মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই এনআৰচিৰ প্ৰথমখন খচৰা প্ৰকাশ কৰে৷ সোমবাৰে পুৱাৰে পৰা ৰাজ্যৰ সেৱা কেন্দ্ৰ সমূহত মানুহে কৰা পৰিলক্ষিত হয়৷ উজনি-নামনিৰ প্ৰায় ২৫০০ সেৱা কেন্দ্ৰত মানুহে নিজৰ নাম আছে নাই পৰীক্ষণ কৰা পৰিলক্ষিত হৈছে৷
ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে পুৱাৰে পৰা ওডালগুৰি জিলাৰ বিভিন্ন সেৱা কেন্দ্ৰত ৰাইজৰ দীঘলীয়া শাৰী দেখা যায়৷ ওদালগুৰি জিলাৰ ৪৫টা এনআৰচি সেৱা কেন্দ্ৰত মুঠ ১,৮৬,৫৬০খন প-পত্ৰৰ বিপৰীতে ৬,১১,০৩৮গৰাকী লোকৰ নাম প্ৰকাশ পাই প্ৰথম খন খচৰাত। ওদালগুৰি চহৰৰ মূল চাৰিটা এনআৰচি সেৱা কেন্দ্ৰৰ ওদালগুৰি সেৱা কেন্দ্ৰত ১২,০৯৩ গৰাকী, মোহনপুৰ সেৱা কেন্দ্ৰত ৫,১১৭ গৰাকী, কাজিয়ামাটি সেৱা কেন্দ্ৰত ৪,২৯৪ গৰাকী আৰু ইকৰাবাৰী সেৱা কেন্দ্ৰত ২,৬৩৯ গৰাকী লোকৰ নাম প্ৰকাশ পাইছে।