newsnextone.com | ডিজিটেল ডেস্কঃ চৰকাৰে ইচ্চাছকৃ ভাৱে ৪০ লাখ ধৰ্মীয় সংখ্যালঘূ-ভাষীক সংখ্যালঘূক এনআৰচিৰ পৰা বাদ পেলাইছে বুলি দেশৰ বিৰোধী দলে অভিযোগ উত্থাপন কৰি সদন উত্তাল কৰাৰ লগতে সংসদ ভৱন চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে। দেশৰ আটাইকেইটা বিৰোধী দলে প্ৰতিবাদ সাব্যস্ত কৰি এইসকল লোকক হাৰাশাস্তি নকৰি ন্যায় প্ৰদানৰ লগতে সংশোধনী বিধেয়ক আনিবলৈ দাবী জনায়।
কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টি, আৰজেডি, বিএছপি, জিডিএছ, টিডিপি, আপৰ সাংসদে সংসদ ভৱন চৌহদৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বৰ্ষাকালীন অধিবেশন উত্তাল কৰি তোলে। ৰাজনৈতিক দলে ৰাজনীতি কৰাৰ সময়তে দেশৰ শীৰ্ষ আদালতে বাদ পৰা লোকসকলৰ সন্দৰ্ভত মন্তব্য দিছে।