newsnextone.com | তামুলপুৰঃ অসমত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু লোকসকলক লৈ অসমৰ ৰাজনৈতিক দল-সংগঠনে বছৰ বছৰ ধৰি ৰাজনীতি কৰি আহিছে। এই সকল লোকক সময়ে সময়ে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে। কিন্তু ধৰ্মীয় সংখ্যালঘু লোকক লৈ আৰু কাকো ৰাজনীতি কৰিবলৈ দিয়া নহব। এই ভাষ্য সদৌ বি টি এ ডি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এ বি এমছুৰ সভাপতি শ্বাহকামাল খন্দকাৰৰ।
তামুলপুৰ আঞ্চলিক এ বি এমছুৰ উদ্যাগত আৰু তামুলপুৰ জিলা এ বি এমছুৰ সহযোগত শুকুৰবাৰে তামুলপুৰ মহকুমাৰ অন্তৰ্গত চাপাতলত এন আৰ চিক লৈ অনুষ্ঠিত এক বিশাল সজাগতা সভাত ছাত্ৰ নেতা জনে এই মন্তব্য আগবঢ়ায় । প্ৰসংগক্ৰমে তেওঁ কয় যে, এন আৰ চিৰ দ্বিতীয় খচৰাত নাম বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকক এন আৰ চিৰ দাবী আৰু আবেদন পত্ৰ পূৰণৰ বাবে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোকে এ বি এমছুৱে সহায় কৰি যাব।