newsnextone.com | তামুলপুৰঃ অসমত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু লোকসকলক লৈ অসমৰ ৰাজনৈতিক দল-সংগঠনে বছৰ বছৰ ধৰি ৰাজনীতি কৰি আহিছে। এই সকল লোকক সময়ে সময়ে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে। কিন্তু ধৰ্মীয় সংখ্যালঘু লোকক লৈ আৰু কাকো ৰাজনীতি কৰিবলৈ দিয়া নহব। এই ভাষ্য সদৌ বি টি এ ডি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এ বি এমছুৰ সভাপতি শ্বাহকামাল খন্দকাৰৰ। 

তামুলপুৰ আঞ্চলিক এ বি এমছুৰ উদ্যাগত আৰু তামুলপুৰ জিলা এ বি এমছুৰ সহযোগত শুকুৰবাৰে তামুলপুৰ মহকুমাৰ অন্তৰ্গত চাপাতলত এন আৰ চিক লৈ অনুষ্ঠিত এক বিশাল সজাগতা সভাত ছাত্ৰ নেতা জনে এই মন্তব্য আগবঢ়ায় । প্ৰসংগক্ৰমে তেওঁ কয় যে, এন আৰ চিৰ দ্বিতীয় খচৰাত নাম বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকক এন আৰ চিৰ দাবী আৰু আবেদন পত্ৰ পূৰণৰ বাবে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোকে এ বি এমছুৱে সহায় কৰি যাব। 

ইয়াৰ বাবে এ বি এমছুৰ প্ৰতিখন আঞ্চলিকৰ বাবে হেল্প চেণ্টাৰ মুকলি কৰা বুলিও সংখ্যালঘু ছাত্র নেতা জনে সদৰী কৰে। ইপিনে ৰাষ্ট্ৰীয় পৰ্যায়ত এন আৰ চিক লৈ অপপ্ৰচাৰ চলোৱা কাৰ্য দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে শ্বাহ কামাল খন্দকাৰে। তামূলপুৰ জিলা এ বি এমছুৰ কাৰ্যকৰী সভাপতি হালিম খানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উদ্বোধনী ভাষণ আগবঢ়ায় তামুলপুৰ জিলা এ বি এমছুৰ সভাপতি টাইছন হুছেইনে । 

ভাষণত হুছেইনে কয় যে, এ বি এমছুৱে অসমত এখন বিদেশী মুক্ত শুদ্ধ এন আৰ চি প্ৰস্তুত হোৱাটো বিচাৰে । কিন্তু এন আৰ চিৰ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ পৰাটো এ বি এমছুয়ে কেতিয়াও নিবিচাৰে । অহা ১১ আগষ্টৰ পৰা এবিএমছুৱে এন আৰ চিৰ খচৰাত বাদ পৰা প্ৰকৃত ভাৰতীয় লোকসকলক সকলো ধৰণৰ সহায় সহযোগ কৰিব বুলি তেওঁ আশ্বাস প্ৰদান কৰে। সভাত বাক্সা জিলা এন আৰ চিৰ বিষয়া তফিকুৰ ৰহমান উপস্হিত থাকি এন আৰ চিৰ খচৰাত নাম বাদ পৰা ৰাইজক শংকিত নহৈ সঠিকভাবে প্ৰ-পত্র সমুহ পূৰণ কৰিবলৈ আহ্বান জনায়। 

সভাত এ বি এমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰন সম্পাদক নজৰুল ইছলাম, তামুলপুৰ থানাৰ সহকাৰী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন চন্দ্ৰ বৰ্মন, তামুলপুৰ জিলা আৰু আঞ্চলিক এবিএমছুৰ সকলো বিষয়ববীয়া আৰু দুই সহস্ৰাধিক ৰাইজ উপস্হিত থাকে। ইফালে, এ বি এমছুৰ এনে পদক্ষেপক ৰাইজে ভূয়সী প্ৰশংসা কৰে আৰু এ বি এমছুক সকলো প্ৰকাৰে সহায় কৰি যাব বুলি আশ্বাস দিয়ে।