newsnextone.com | তামুলপুৰঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আৰম্ভনিতে পৰাই এখন শুদ্ধ, স্বচ্ছ, নিকা নাগৰিকপঞ্জী প্ৰস্তুত হোৱাটো বিচাৰিছে। এন আৰ চি যাতে এজনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয় তাৰ বাবেও আমছুৱে সজোৰে দাবী উত্থাপন কৰি আহিছে। সমান্তৰাল ভাৱে এন আৰ চি প্ৰস্তুতৰ নামত যাতে কোনো প্ৰকৃত ভাৰতীয় নাগৰিক হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা নহয় তাৰ বাবেও আমছুৱে কৃৰ্তপক্ষক আহ্বান জনাই আহিছে। -এই ভাষ্য সদৌ অসম সংখ্যা লঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ৰেজাওল কৰিম সৰকাৰৰ। 

পশ্চিম তামুলপুৰ আঞ্চলিক আমছুৰ উদ্যোগত আৰু বাক্সা জিলা আমছুৰ সহযোগত শনিবাৰে তামুলপুৰ মহকুমাৰ অন্তৰ্গত আদৰ্শ মিলন এম ই মাদ্ৰাছাত এনআৰচিৰ দাবী আৰু আপত্তি প্ৰ-পত্ৰ পূৰণ কৰা সম্পৰ্কে আয়োজিত সজাগত সভাত সৰকাৰে এই মন্তব্য আগবঢ়ায়। ভাষণ প্ৰসংগত তেওঁ কয় যে, এনআৰচিৰ বিভিন্ন কামত জড়িত একাংশ চৰকাৰী বিষয়াৰ গাফিলতিৰ বাবে এনআৰচিৰ দ্বিতীয় খচৰাত বহু প্ৰকৃত ভাৰতীয় নাগৰীকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই। 

বাক্সা জিলাত ৯০ শতাংশ সংখ্যালঘু নাগৰিকৰ ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগৰ বৈধ নথি পত্ৰ থকাৰ পিছতো এই সকলৰ নাগৰিকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত নোহোৱাটো অতি দুৰ্ভাগ্যজনক। তেওঁ কয় যে, প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশীৰ লেবেল লগাই দিলে আমছুৱে কেতিয়াও বহি নাথাকে। 

বাক্সা জিলা আমছুৰ সভাপতি মিনহাজুল ইমৰাণৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত তেওঁ কয় যে, উচ্চতম ন্যায়ালৰ নীতি নিদেৰ্শনা যাতে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু এনআৰচি কৰ্তৃপক্ষই মানি চলে তাৰ বাবেও তেওঁ আহ্বান জনায়। সংখ্যালঘু সকল অসমৰ ভূমি পুত্ৰ বুলি উল্লেখ কৰি তেঁও কয় যে, এই সকল সংখ্যালঘু ভূমি পুত্ৰই কাৰো অনুগ্ৰহত জীয়াই নাথাকে।  

আদৰ্শ মিলন এম ই মাদ্ৰাছাৰ সহকাৰী শিক্ষক জোৱান আলীয়ে উদ্দেশ্যে বাখ্যা কৰা সভাখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে আদৰ্শ মিলন এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আতোৱাৰ ৰহমানে। সভাত আমছুৰ কেন্দ্ৰীয় সমিতি সাধাৰণ সম্পদক ইমতিয়াজ হুছেইন, আব্দুল ৰহমান বিশ্বাস, তামুলপুৰ চক্ৰ বিষয়া আদিত্য গগৈ, সহকাৰী আয়ুক্ত হৃদয় কুমাৰ দাস, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰা, বৰ্ণৱ কুমাৰ ডেকা আদিকে ধৰি আমছুৰ নেতাকৰ্মী উপস্থিত থাকে।