newsnextone.com | তামুলপুৰঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আৰম্ভনিতে পৰাই এখন শুদ্ধ, স্বচ্ছ, নিকা নাগৰিকপঞ্জী প্ৰস্তুত হোৱাটো বিচাৰিছে। এন আৰ চি যাতে এজনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয় তাৰ বাবেও আমছুৱে সজোৰে দাবী উত্থাপন কৰি আহিছে। সমান্তৰাল ভাৱে এন আৰ চি প্ৰস্তুতৰ নামত যাতে কোনো প্ৰকৃত ভাৰতীয় নাগৰিক হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা নহয় তাৰ বাবেও আমছুৱে কৃৰ্তপক্ষক আহ্বান জনাই আহিছে। -এই ভাষ্য সদৌ অসম সংখ্যা লঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ৰেজাওল কৰিম সৰকাৰৰ।
পশ্চিম তামুলপুৰ আঞ্চলিক আমছুৰ উদ্যোগত আৰু বাক্সা জিলা আমছুৰ সহযোগত শনিবাৰে তামুলপুৰ মহকুমাৰ অন্তৰ্গত আদৰ্শ মিলন এম ই মাদ্ৰাছাত এনআৰচিৰ দাবী আৰু আপত্তি প্ৰ-পত্ৰ পূৰণ কৰা সম্পৰ্কে আয়োজিত সজাগত সভাত সৰকাৰে এই মন্তব্য আগবঢ়ায়। ভাষণ প্ৰসংগত তেওঁ কয় যে, এনআৰচিৰ বিভিন্ন কামত জড়িত একাংশ চৰকাৰী বিষয়াৰ গাফিলতিৰ বাবে এনআৰচিৰ দ্বিতীয় খচৰাত বহু প্ৰকৃত ভাৰতীয় নাগৰীকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই।