Home ৰাজ্যদৰঙত এন আৰ চি প্ৰক্ৰিয়াত চূড়ান্ত বিসংগতি

দৰঙত এন আৰ চি প্ৰক্ৰিয়াত চূড়ান্ত বিসংগতি

by News Desk
A+A-
Reset
0534f5ae-6805-4518-b94a-152acfe32dc3

newsnextone.com| দৰংঃ ​এন আৰ চি চূড়ান্ত খচৰাৰ তালিকা প্ৰকাশ কৰা হ’ল৷ সকলোৱে আশা কৰিছে এখন শুদ্ধ NRC প্ৰকৃত ভাৰতীয় নাগৰিকে লাভ কৰিব৷ কিন্তু চূড়ান্ত খচৰা প্ৰকাশৰ পিছত একাংশই এন আৰ চি ৰ প্ৰক্ৰিয়াত বাধা দিয়াৰ চক্ৰান্তত নামি পৰি জধে মধে ভাৰতীয় নাগৰিকৰ নামত ডি, বিদেশী আদি বুলি জাননী জাৰি কৰি এক আতংকময় পৰিবেশৰ সৃষ্টি কৰাৰ অভিযোগ উঠিছে৷ অভিযোগ মতে দৰঙৰ খাৰুপেটীয়াৰ নিকটবৰ্তী ওজাগাও গাঁও পঞ্চায়তৰ এন এছ কে ০৫১৮ নম্বৰৰ অন্তৰ্গত বলোগড়া গাৱৰ অৰ্ধশতাধিক লোকৰ নামত জধে মধে জাননী প্ৰেৰণ কৰিছে৷ অভিযোগ মতে NRC ৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত হোৱা লোকৰ নামত সন্দেহযুক্ত নাগৰিক বুলি জাননী দিয়ে এন আৰ চি কৰ্তৃপক্ষই৷ 

আনকি ছবছৰীয়া শিশুৰ নামতো বিদেশীৰ গোচৰ চলি থকা বুলি জাননী জাৰি কৰি দিয়া এক নাভূত নাশ্ৰুত ঘটনা সংঘটিত কৰিছে এন আৰ চি কৰ্তৃপক্ষই৷ ইয়াৰোপৰি দুবাৰকৈ ডি ৰ গোচৰত আইনী প্ৰক্ৰিয়াত ৰায়দান পোৱাৰ পিচত ২০১৮ লৈ ভোটাৰ তালিকাত নাম থকা লোকৰ নামতো জাননী জাৰি কৰিছে NRC কৰ্তৃপক্ষই৷ কোনো দিনা কোনো গোচৰ বা কোনো ধৰনৰ জাননী নোপোৱাকৈ কালি এন আৰ চি ৰ কৰ্তৃপক্ষই বলোগড়া গাৱৰ আব্দুল জোব্বাৰ নামৰ এজন লোকক বিদেশী ঘোষণা কৰি জাননী দিয়ে কিয় খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱাৰ কাৰণ জানিব বিচৰা ফৰ্মত৷ আৰু কোনো ডি নথকা এ আৰ এন 101832502149051801645 নম্বৰৰ নাজিৰ আলীৰ ছবছৰীয়া কন্যা কনমানি  খুদেজা বিবি ৰ নামত বিদেশীৰ ন্যায়াধীশকৰণত গোচৰ বিচাৰাধীন হৈ আছে বুলি দিলে জাননী৷ গাঁওখনত ৰহিম আলী, জাহিৰণ বেওৱা, ছবিৰণ নেছা, বেগম, অহেদা খাতুন আদি লোকৰ নামত ৪/৫ বছৰ পূৰ্বে দুবাৰকৈ ডি ভোটাৰ গোচৰত ৰায়দান পোৱাৰ পিছতো পুনৰ কালি এন আৰ চি কৰ্তৃপক্ষই কাৰোবাক বিদেশী কাৰোবাক ডি আদি বুলি উল্লেখ কৰি জাননী জাৰি কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0