নলবাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাতো দীপাৱলী উদযাপনৰ ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে৷ পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো কেইটামান ঘন্টা৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ মৃৎ শিল্পীসকল ব্যস্ত হৈ পৰে৷ দীপাৱলীত মাটিৰ চাকি বিক্ৰী কৰি দুপইচা উপাৰ্জনৰ বাবে এতিয়া তেওঁলোকে হাজাৰ হাজাৰ মাটিৰ চাকি সাজু কৰিছে।
চীনৰ সামগ্ৰীৰে ৰাজ্যৰ বজাৰ ভৰি পৰিছে, তাৰ বিপৰীতে এই মৃৎ শিল্পী সকলে চীনৰ সামগ্ৰী বৰ্জন কৰি মাটিৰ চাকিৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে। অভিযোগ মতে, চীনা সামগ্ৰীৰ বাবেই এতিয়া বিক্ৰী হ্ৰাস হৈছে থলুৱা মৃৎ শিল্পৰ। নলবাৰীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত দীপাৱলীৰ প্ৰস্তুতি চলি থকাৰ মাজতে চীনা সামগ্ৰী বৰ্জন কৰি মাটিৰে নিৰ্মান কৰা চাকি আৰু অন্যান্য পূজাৰ সামগ্ৰীক ৰাইজে আঁকোৱালি লোৱা পৰিলক্ষিত হৈছ।