ডিজিটেল ৰিপ’ৰ্টঃ এন আৰ চি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত চলি থকা এক গোচৰৰ ১৩ জুলাইত শুনানি অনুষ্ঠিত হয়৷ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিতন ফলি নৰিমানৰ খণ্ড বিচাৰপীঠত অনুষ্ঠিত শুনানি কালত আদালতে এন আৰ চিৰ খচৰা প্ৰকাশৰ সময় সীমা সম্পৰ্কে অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ৰাজ্য চৰকাৰ আৰু ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ ভূমিকাত ক্ষোভ প্ৰকাশ কৰি অহা ৩১ ডিচেম্বৰৰ পূৰ্বে খচৰা প্ৰকাশ কৰিবলৈ সমন্বয়ক প্ৰতীক হাজেলাক কঠোৰ নিৰ্দেশনা প্ৰদান কৰে।
ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৭ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে খচৰা এন আৰ চি প্ৰকাশ কৰিব বুলি সংবাদ মাধ্যমত দিয়া বিবৃতিত ক্ষুণ্ণ হৈ আদালতে এন আৰ চি প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ অথবা কোনো কৰ্তৃপক্ষ বা কোনো পক্ষৰ হস্তক্ষেপ সহ্য নকৰে বুলিও মতপোষণ কৰে। উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত চলি থকা এন আৰ চি প্ৰস্তুতকৰণ কাৰো হস্তক্ষেপ অবিহনে নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত সুকলমে সম্পন্ন কৰিব বুলি মত প্ৰকাশ কৰে।