58
newsnextone.com | নগাঁওঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চিৰ সোমবাৰে প্ৰকাশ পোৱা দ্বিতীয় তথা সম্পূৰ্ণ খচৰা তালিকাত ব্যাপক খেলিমেলি হোৱাৰ তথ্য পোহৰলৈ আহিছে।
প্ৰাপ্ত তথ্য মতে, নগাঁও জিলাৰ ধিং সমষ্টিৰ জুৰীয়া আৰক্ষী থানা এলেকাৰ জামুগুৰি-আলিটাঙনী গাঁও পঞ্চায়ত এনআৰচি সেৱা কেন্দ্ৰৰ অন্তৰ্গত জামুগুৰি গাঁৱৰ এটা পৰিয়ালৰ এ আৰ এন নম্বৰৰ বিপৰীতে এটা সম্পূৰ্ণ অজ্ঞাত পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হোৱাত যথেষ্ট প্ৰতিক্রিযাৰ সৃষ্টি হৈছে।