ওদালগুৰিঃ যোৱা ২ মে’ত বিটিএডিৰ কোকৰাঝাৰ জিলাত এগৰাকী এআনআৰচিৰ বিষয়াক অপহৰণ কৰি হত্যাৰ অভিযোগ উত্থাপন হোৱাত শংকিত হৈ পৰিছে বিটিএডিৰ এনআৰচিৰ বিষয়া-কৰ্মীসকল৷ বিটিএডিৰ নাগৰিকৰ জীৱন আৰু সম্পত্তি আৰু এনআৰচিৰ কৰ্মীসকলৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ কিয়নো সাধাৰণ লোকৰ নিৰাপত্তাৰ লগতে খোদ চৰকাৰৰ কৰ্মচাৰী তথা এনআৰচিত নিয়োগ কৰা বিষয়াক হত্যা কৰাৰ ঘটনাক সহজে লব পৰা নাই সচেতন লোকে৷
বিটিএডিৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি এগৰাকী চৰকাৰী বিষয়াক অপহৰণ আৰু হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিটিএডিৰ সদৰ জিলা কোকৰাঝাৰৰ আবকাৰী উপ-পৰিদৰ্শক নাৰায়ন বৰালক ২ মে’ত জিলাখনৰ মাগুৰমাৰীৰ পৰা এনআৰচিৰ ডিউটি সামৰি ভাৰত ভূটান সীমান্তৰ সৰলপাৰাস্থিত নিজ গৃহলৈ আহি থকাৰ পথত সন্ধানহীন হৈ পৰে আৰু এদিন পিছত পথৰ দাতিত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চিন্তিত কৰি থকাৰ সময়তে ওদালগুৰি জিলাত এনআৰচিৰ কামত নিয়োগ কৰা চৰকাৰী কৰ্মচাৰীসকলে পৰ্যাপ্ত সা-সুবিধা নোপোৱাৰ অভিযোগ উত্থাপন হৈছে৷