গুৱাহাটীঃ এটি সংগ্ৰামী সত্বাক নিঃশেষ কৰাৰ বাবে চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে অখিল গগৈয়ে মুকলি আকাশৰ তললৈ ওলাই আহিব নে তাক লৈ দেখা দিছে এখন ধূসৰ ছবি৷ অখিল গগৈক যোৱা ১৩ ছেপ্তেম্বৰৰ পৰা জেলত বন্দী কৰি ৰাখিছে অখিলক৷ তাৰ মাজতে একেটা মাহৰে ২৫ ছেপ্তেম্বৰত অখিলে যাতে কোনো কাৰণতে জামিন লাভ কৰিব নোৱাৰে কাৰ বাবে পুনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ জাপি দি জেলৰ ভিতৰতে গ্ৰেপ্তাৰ কৰে চৰকাৰে৷
জেলত বন্দী কৰি ৰখা অখিল গগৈক মুক্তি দিবৰ বাবে ৰাজ্যৰ দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে যদিও চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে৷ সততে ৰাজ্যৰ প্ৰতিটো সমস্যা তথা চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে অতন্দ্ৰ প্ৰহৰীৰ দৰে সংগ্ৰাম কৰি অহা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰৰ প্ৰতিবাদত ৰাজ্য খনৰ পৰা দেশৰ ৰাজধানী দিল্লীতো হৈছিল প্ৰতিবাদ৷