56
মাৰ্ঘেৰিটাঃ যিকোনো মুহূৰ্ততে কূটাঘাত সংঘটিত হ’ব পাৰে মাৰ্ঘেৰিটা অঞ্চলত। অসম-অৰুণাচল সীমান্তৱৰ্তী মাৰ্ঘেৰিটা মহকুমাৰ গাতে লাগি থকা দুৰ্গম পাটকাই পৰ্বতমালাত এন এছ চি এন (কে)ৰ এটা দলে বাহৰ পতাৰ খবৰে এই সম্ভৱনা প্ৰকট কৰি তুলিছে।
জানিব পৰা মতে, উক্ত অঞ্চলটোত অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰসহ বাহৰ পতা কেইবাজনীয়া উগ্ৰপন্থীৰ দলটোৰ নেতৃত্বত আছে অৰুণাচলৰ চাংলাং জিলাৰ অপাৰেশ্যন কামাণ্ডাৰ মাকাম নিমু।