লিডুঃ কেন্দ্ৰীয় চৰকাৰে NSCN (IM)ৰ সৈতে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট কৰাৰ পিছৰে পৰা অসম-নাগালেণ্ড সীমান্তত NSCNৰ সন্ত্ৰাস ক্ৰমে বৃদ্ধি পাব ধৰিছে৷ অসমৰ স্বাৰ্থৰ কথা জড়িত হৈ থকা এই এগ্ৰিমেন্ট ৰূপায়ণ কৰাৰৰ পিছতে বিষয়টো ক্ৰমান্বয়ে অতি স্পৰ্শকাতৰ হৈ পৰাৰ সময়তে মঙলবাৰে অসমৰ মাটিত NSCN-এ ভয়াবহ আক্ৰমণ চলাই ৫ খনকৈ গাড়ী জ্বলাই দিয়ে৷
এই চুক্তিখন সম্পাদন কৰাৰ পিছৰে পৰা অসমৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে সন্দেহযুক্ত NSCN (IM)ৰ এটি দলে মঙলবাৰে নিশা লিডুৰ টিকক পাহাৰত প্ৰবেশ কৰে৷ অস্ত্ৰ-শস্ত্ৰ সৈতে পাহাৰত প্ৰবেশ কৰি কয়লা খননত নিয়োজিত ANE মাইনিং নামৰ কোম্পানীটোত ভয়াবহ আক্ৰমণ চলাই৷ ফলত পাঁচখনকৈ গাড়ী জুইত জাহ যায়।